আল্লিয়াত বিধায়ক অশোক শৰ্মাই শুভাৰম্ভণি কৰিলে আঁচনিৰ কামৰ   

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৭ নং আল্লিয়া গাঁও পঞ্চায়তৰ অধীনষ্ঠ বিভিন্ন স্থানত চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৭/১৮ বৰ্ষৰ অধীনত সাতটা আঁচনিৰ কামৰ দেওবাৰে শুভাৰম্ভণি কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই।সংশ্লিষ্ট আঁচনিৰে  পঞ্চায়তখনৰ অধীনষ্ঠ কুৰিটা ৰাজহুৱা আঁচনিৰ সাতটা কামৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰাৰ মাজতে  বিধায়ক শৰ্মাই তিনিপুখুৰী দুৰ্গা মন্দিৰ সভাৰ ঘৰ উন্নয়নৰ বাবদ ধাৰ্য কৰা তিনিলাখ টকীয়া আঁঁচনিৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰে।এই  উপলক্ষে তিনিপুখুৰীস্থিত ৰাজহুৱা সভাঘৰত পঞ্চায়তখনৰ সচিব গণেশ কলিতাই আঁত ধৰা এখন সভাত অংশগ্ৰহণ কৰি ভাষণত বিধায়ক শৰ্মাই কয় যে বিজেপি চৰকাৰে সদায় উন্নয়নৰ কথা ভাবে আৰু প্ৰতিদিনে উন্নয়নৰ  কাম -কাজ কৰি আহিছে ।যদিও একাংশ লোকে এই উন্নয়নৰ বাটত হেঙাৰ হিচাপে থিয় দিবলৈ চেষ্টা কৰায়ে নহয় বৰ্তমান সময়ত কংগ্ৰেছ আৰু বাওঁপন্থীসকলে ৰাজ‍্যখনত বিভিন্ন প্ৰকাৰেৰে অশান্তি কৰাৰ লগতে উন্নয়নত বাধা দিয়াৰ বাবে উঠি-পৰি লাগিছে বুলি মন্তব্য কৰে।উল্লেখ‍্য‍ যে আল্লিয়া গাঁও পঞ্চায়তখনলৈ চৰ্তুদশ বিত্তীয় আয়োগৰ ২০১৭/১৮ বিত্তীয় বৰ্ষৰ বাবে  কুৰিটা আঁচনিত প্ৰায় ৫৫ লাখ টকা ধাৰ্য কৰিছে বুলি জানিব পৰা গৈছে।উল্লেখ‍্য‍ যে বিধায়ক অশোক শৰ্মাৰ  আঁচনিৰ  কামৰ  শুভাৰম্ভণিৰ অনুষ্ঠানত আল্লিয়া জিলা পৰিষদৰ সদস্য মাধুবী ৰাজবংশী,আল্লিয়া গাঁওপঞ্চায়তৰ সভানেত্ৰী অঞ্জঅঞ্জু বেগম,কাউন্সিলাৰ হেলিমা বেগম,সচিব গণেশ কলিতা,প্ৰাক্তন কাউন্সিলাৰ দ্বীজেন চৰকাৰকে আদিকে ধৰি বিজেপিৰ ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।

Your Comments