বৰভাগত 'কা' বাতিলৰ দাবীত আঞ্চলিক ছাত্ৰ সন্থাৰ 'ৰাইজমেল'

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

বৰভাগ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ সহযোগত 'নাগৰিকত্ব (সংশোধনী)আইন-২০১৯'(কা) বাতিলৰ দাবীত দেওবাৰে বৰভাগৰ কালাগ হাটখোলাত আবেলি এখন ৰাইজমেল অনুষ্ঠিত কৰা হয়।ৰাইজমেলত ছাত্ৰ সন্থা আৰু দল-সংগঠনৰ প্ৰতিনিধিসকলে মত পোষণ কৰে- 'অসমীয়া জাতি আকৌ এবাৰ মহা-সংকটত সন্মুখীন। ভাষা-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমৰ খিলঞ্জীয়া লোকৰ ভৱিষ্যতলৈ অশনি সংকেত মাতি আনি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ আবেগ-অনুভূতিক ভৰিৰে মোহাৰি বিজেপি দলৰ সংখ্যাৰ অহংকাৰ দেখুৱাই উভয় দনতে নাগৰিকত্ব ( সংশোধনী ) বিল-২০১৯ গৃহীত কৰি আইনত পৰিণত কৰিলে। ইয়াত এশ শতাংশ সহযোগ কৰিলে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে। অসমৰ ভৱিষ্যতৰ সপোনবোৰ নিঃশেষ কৰাৰ শেষৰ পাত শেল নিক্ষেপ কৰি তথাকথিত অসমপ্ৰেমী চৰকাৰে অসমীয়া জাতি-সত্ত্বাৰ ওপৰত আঘাত হানিলে। ছবছৰীয়া অসমৰ ৰাইজৰ বিদেশী বিতাৰণ আন্দোলনৰ ফলশ্ৰুতি অসম চুক্তিক সম্পূৰ্ণ নস্যাৎ কৰি এই আইনৰ জৰিয়তে ইতিমধ্যে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব দিয়াৰ পথ মুকলি কৰিলে। এই আইনে অসমৰ খিলঞ্জীয়া লোকক ভৱিষ্যতৰ সময়ত অসমতে দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত কৰিব অসমীয়াক,হেৰুৱাব লাগিব৷আইন জাতিধ্বংসী আইন। ইতিমধ্যে এই আইনৰ বিৰুদ্ধে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে। আনকি,ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত এই আইনৰ বিৰুদ্ধে সৰৱ প্ৰতিবাদ হৈছে। একমাত্ৰ বাংলাদেশী লোকৰ ভোটৰ মোহত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে দিল্লীৰ ওচৰত আঁঠু লৈছে, নিজৰ স্বাভিমান ত্যাগ কৰি। গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰিবলৈ সংগ্ৰামী জনতাৰ ওপৰত জপিয়াই পৰিছে চৰকাৰৰ আৰক্ষী বাহিনী৷ নিৰীহৰ তেজেৰে অত্যুৎসাহিত হ'বলৈও কুণ্ঠাবোধ কৰা নাই চৰকাৰখনে৷গুলী আৰু লাঠিৰে শান্তিকামী জনতাৰ ওপৰত পুলিচ-সেনা বাহিনী জাপি দিয়া হৈছে। চৰকাৰৰ এই কাৰ্য আজি জাতীয় লজ্জাত পৰিণত হৈছে। সদৌ অসম ছাত্র সন্থাই অসমৰ ত্ৰিশটা জনগোষ্ঠীয় সংগঠন আৰু বিভিন্ন দল , সংগঠন আৰু ৰাইজৰ সহযোগত এই আইনৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছে।'বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত ৰাইজমেলত বৰভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি কুলেশ ডেকা, প্ৰাক্তন ছাত্র নেতা নগেন ডেকাই বিজেপি দলক যাত্ৰা পাৰ্টিৰ দল আখ্যা দিয়াৰ লগতে ভাৰা দি মানুহ আনি শান্তি সমদল কৰি এখন নাটক কৰি আছে বুলি কয়।নলবাৰী জিলা আছুৰ সহকাৰী সম্পাদক সমৰজ্যোতি মহন্তই আঁঁত।ধৰা ৰাইজমেলত বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকা,নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজোতি পাঠক, বৰভাগ জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি দ্বিজেন কাকতি আদিকে ধৰি কেইবাগৰাকী নাগৰিকে বক্তব্য প্ৰদান কৰি 'জয় আই অসম' ধ্বনিৰে সভা উত্তাল কৰি তোলে,শেষত আঞ্চলিক আছুৰ সভাপতি ব্ৰজেন কলিতাই ৰাইজক ধন্যবাদ জনাই ৰাইজমেলৰ সামৰনি মাৰে৷

Your Comments