গোলাঘাটত কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা

Pic

গোলাঘাটৰ প্ৰতিবেদক:

দেওবাৰে গোলাঘাটত জিলা কংগ্ৰেছৰ উদ্যোগত গোলাঘাট চহৰৰ মাজেৰে উলিওৱা হয় অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা।হাজাৰোৰ্ধ কংগ্ৰেছ কৰ্মীয়ে অংশ লোৱা এই যাত্ৰাত অংশ লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই অসমীয়া জাতিৰ সকলো বিপদৰ সময়ত কংগ্ৰেছ দল সদায় লগত থাকিব বুলি কোৱাৰ লগতে চৰকাৰৰ এই হঠকাৰী নীতিক তীব্ৰ সমালোচনা কৰি 'কা' কোনো কাৰণতে নামানে বুলি স্পষ্ট কৰে। ইয়াৰ লগতে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়েও বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে।এই যাত্ৰাত গোলাঘাটৰ বিধায়িকা অজন্তা নেওগ , প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈকে প্ৰমুখ্য কৰি দলটোৰ বহুকেইজন জ্যেষ্ঠ নেতা উপস্থিত থাকে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ওলাই অহা কংগ্ৰেছ কৰ্মীসকলে সৰ্বানন্দ সোণোৱাল হুচিয়াৰ , বিজেপি চৰকাৰ গ' বেক, কা আমি নামানো আদি শ্ল'গানেৰে চহৰখনত এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

Your Comments