বঙাইগাঁৱত সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সংবাদ মেল:'কমতাপুৰ' স্বায়ত্ত্ব পৰিষদ নামাকৰণটো পুনৰ বিবেচনা কৰিবলৈ দাবী

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

অসম চৰকাৰৰ কেবিনেটে অবিভক্ত গোৱালপাৰাত কমতাপুৰ নামেৰে যি স্বায়ত্ত্ব শাসিত পৰিষদ গঠন কৰিবলৈ ওলাইছে এই ক্ষেত্ৰত স্বায়ত্ত শাসিত পৰিষদখনৰ নামটো পুনৰ বিৱেচনা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাই।শনিবাৰে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত সংগঠনটোৰ নেতৃত্বই এই দাবী উত্থাপন কৰে ৷ সংবাদ মেলত নাথ-যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে কয় যে সদৌ অসম নাথ- যোগী ছাত্ৰ সন্থাৰ আহ্বানত শুকুৰবাৰে সংগঠনটোৰ সভাপতি লক্ষণ নাথৰ সভাপতিত্বত বঙাইগাঁও জিলাৰ বইটামাৰী আঞ্চলিক নাথ- যোগী সন্মিলনীৰ কাৰ্যালয়ত নাথ- যোগীসকলৰ বিভিন্ন দল- সংগঠনক লৈ এখন জৰুৰী সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত সভাত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে সংগঠনটোৱে ৷ সেই অনুসৰি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ নামাকৰণটো পুনৰ বিৱেচনা কৰাৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে শেহতীয়াভাৱে ৰাজ্য চৰকাৰে যি কেইখন স্বায়ত্ব শাসিত পৰিষদ গঠন কৰিবলৈ ওলাইছে সেই সিদ্ধান্তৰ আদৰণি জনাইছো ৷ কিন্তু অবিভক্ত গোৱালপাৰা জিলাত কেৱল এটা জনগোষ্ঠীৰ কাৰণে কমতাপুৰ নামেৰে যিখন স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিব বিচাৰিছে তাৰ কেৱল আমি নামটোহে পুনৰ বিবেচনা কৰিবৰ কাৰণে দাবী জনাইছো ৷ কাৰণ অবিভক্ত গোৱালপাৰা জিলাত ইতিমধ্যে ৫০ শতাংশ নাথ- যোগী মানুহ বসবাস কৰি আছে ৷ গতিকে তেনে ক্ষেত্ৰত যদি কেৱল এটা জনগোষ্ঠীৰ কাৰণে এইখন স্বায়ত্ত শাসিত পৰিষদ গঠন কৰে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত আমাৰ জনগোষ্ঠীৰ লোকসকল যে সাংবিধানিক ৰক্ষা কৱচৰ পৰা আঁতৰত থাকিব লাগিব সেই কথাটো স্পষ্ট ৷ সেয়ে আমি চৰকাৰে যিকেইখন স্বায়ত্ব শাসিত পৰিষদ গঠন কৰিব ওলাইছে তাক আদৰণি জনায়ো কিন্তু বিশেষকৈ চৰকাৰে নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলাত কমতাপুৰ নামেৰে যিখন স্বায়ত্ত্ব শাসিত পৰিষদ গঠন কৰিবলৈ ওলাইছে সেই নামটোক আমি পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছো বুলিও কয় ৷ সাধাৰণ সম্পাদকগৰাকীয়ে সভাত গ্ৰহণ কৰা আন আন প্ৰস্তাৱসমূহৰ বিষয়ে উল্লেখ কৰি কয় যে সভাই নতুনকৈ গঠন হ'বলগীয়া স্বায়ত্ত শাসিত পৰিষদসমূহত নাথ- যোগীসকলৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদিকে ধৰি সাংবিধানিক অধিকাৰ সুনিশ্চিত কৰা, অসমত বসবাস কৰা নাথ-যোগীসকলক অতিশীঘ্ৰে জনজাতিৰ মৰ্যদা প্ৰদান কৰা, নাথ- যোগী জনগোষ্ঠীৰ বাবে অসমত সৰ্বত্ৰে এখন উপগ্ৰহীয় স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত নাথ- যোগীসকলৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণ কৰা আৰু নতুনকৈ গঠন হ'বলগীয়া স্বায়ত্ত শাসিত পৰিষদসমূহত নাথ- যোগীসকলৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা, অবিভক্ত গোৱালপাৰা জিলাত নাথ- যোগী আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ চৰকাৰীভাৱে লোক পিয়ল প্ৰস্তুত কৰাৰ বাবে দাবী জনায় ৷ যিহেতু অবিভক্ত গোৱালপাৰা জিলাত বহুতো নাথ- যোগী মানুহ বাস কৰি আছে আৰু গোৱালপাৰা জিলাত নাথ-যোগীসকলৰ কিছু ঐতিহ্যক্ষেত্ৰ আছ, সেয়ে সংগঠনটোৱে অবিভক্ত গোৱালপাৰা জিলাখনত কেৱল এটা জনগোষ্ঠীৰ বাবে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিবলৈ ওলোৱাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছো যে অবিভক্ত গোৱালপাৰা জিলাত এক চৰকাৰী লোক পিয়ল প্ৰস্তুত কৰা হওক আৰু তাৰ পিছত তেওঁলোকে কেনেকুৱা ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা কৰে,তাৰ বাবে চিন্তা কৰিবলৈও দাবী জনায় ৷ লগতে উক্ত দাবীসমূহ অতিশীঘ্ৰে সমাধান কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে এলানি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীও সভাত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে ৷ সংবাদ মেলত ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচী অনুসৰি অহা ৩ জানুৱাৰীত গোৱালপাৰা জিলাত এখন বিশাল গণ সমাৱেশ অনুষ্ঠিত কৰিব আৰু এই গণ সমাৱেশৰ জৰিয়তে জনগোষ্ঠীটোৱে চৰকাৰক সকিয়াই দিব যে নাথ- যোগীসকলৰ যি অধিকাৰ সেই অধিকাৰ সুনিশ্চিত হ'ব লাগিব ৷ সেইদৰে ৬ জানুৱাৰীত বিলাসীপাৰাত বিশাল গণ সমাৱেশ আৰু ১০ জানুৱাৰীত বঙাইগাঁও জিলাত এক বিশাল প্ৰতিবাদী সমদল উলিয়াব ৷ আনহাতে ১৮ জানুৱাৰীত প্ৰতিখন জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী, ১৯ জানুৱাৰীৰ পৰা গাঁৱে গাঁৱে গাঁও সভা, ২৩ জানুৱাৰীত গুৱাহাটীত তিনি ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব সংগঠনটোৱে ৷ ইয়াৰ পিছতো যদি চৰকাৰে জনগোষ্ঠীটোৰ কথা চিন্তা- চৰ্চা নকৰে তেতিয়াহ'লে অহা ৩০ জানুৱাৰীত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ১২ ঘণ্টীয়া অবিভক্ত গোৱালপাৰা জিলা বন্ধৰ আহ্বান জনোৱাৰ কথাও ঘোষণা কৰে ৷ আনহাতে,চৰকাৰে যদি ইয়াৰ পিছতো জনগোষ্ঠীটোৰ হৈ কোনো কথা চিন্তা নকৰে তেতিয়াহ'লে জানুৱাৰী মাহৰ পিছৰ পৰা জংগী আন্দোলন গঢ়ি তোলাৰ বাবে ইতিমধ্যে নাথ- যোগী জনগোষ্ঠীটোৰ ৰাইজ আগবাঢ়ি আহিছে বুলিও সাধাৰণ সম্পাদক অৰবিন্দ নাথে সংবাদ মেলত উল্লেখ কৰে ৷ সংবাদ মেলত আৰু কয় যে নামনি অসমত সংগঠনটোৱে যিদৰে জনগোষ্ঠীটোৰ গোটেই সংগঠনসমূহক লগত লৈ সভা অনুষ্ঠিত কৰিছে ঠিক সেইদৰে আগন্তুক মাঘ বিহুৰ আগে আগে উজনি অসমতো সভা অনুষ্ঠিত কৰিব ৷ লগতে সমান্তৰালভাৱে উজনি অসমতো আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব ৷ ইপিনে,সংবাদমেলত উপস্থিত থকা সংগঠনটোৰ সভাপতি লক্ষণ নাথে কয় যে চৰকাৰে যিকেইখন স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিব ওলাইছে তাত আমাৰ কোনো দ্বিমত নাই ৷ নামনি অসমৰ কোচ ৰাজবংশী জাতিৰ লোকসকলৰ লগত আমাৰ কোনো সংঘাত আৰু মত-বিৰোধ নাই আৰু তেওঁলোকে স্বায়ত্ত শাসিত পৰিষদ পোৱাৰ বাবে দুখ কৰা নাই ৷ কিন্তু আমি মৰ্মাহত হৈছো এই কাৰণে যে অবিভক্ত গোৱালপাৰা জিলাত কোচ ৰাজবংশীসকলৰ লগতে আমাৰ নাথ- যোগীসকলৰ অৱদান কোনো কাৰণতে কম নহয় ৷ আমাৰো জনজাতিকৰণকে ধৰি বহুদিনীয়া বিভিন্ন দাবী আছিল ৷ কিন্তু চৰকাৰে আটাইকেইটা জনগোষ্ঠীকে মাতি নি কিবা নহয় কিবা দিবলৈ ওলাইছে যদিও আমাক আলোচনাত নমতাত মৰ্মাহত হৈছো ৷ আমিও যিহেতু ইয়াত বসবাস কৰি আছো আৰু এই মাটি,এই পৰিৱেশৰ আমিও অংশীদাৰ ,সেয়ে তেওঁলোকৰ লগত সমিলমিলে যাতে আমাৰ মানুহখিনিয়েও আগবাঢ়ি যাব পাৰে তাৰ কাৰণে চৰকাৰক আহ্বান জনাইছো ৷ লগতে আমাৰ জনগোষ্ঠীটোৰ কথা ভাবি আৰু আমাৰ মানুহখিনিৰ অধিকাৰো যাতে সুনিশ্চিত হয়,তাৰ বাবে চৰকাৰে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ নামটো পুনৰ বিৱেচনা কৰক ৷ কিন্তু চৰকাৰে যদি গাৰ বলেৰে কমতাপুৰ নামেৰেই স্বায়ত্ত শাসিত পৰিষদ দিব বিচাৰে তেতিয়াহ'লেও আমাৰ প্ৰথম দাবীয়ে থাকিব জনগোষ্ঠীৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণ ৷ কাৰণ নাথ-যোগীসকল অসমৰ এটা এশ বছৰীয়া পুৰণি জাতি ৷ এই জাতিটোৰ লগত কোনো কথা বতৰা নপতাকৈ তৎক্ষণাত অবিভক্ত গোৱালপাৰা জিলাত কমতাপুৰ নামেৰে স্বায়ত্ত শাসন দিবলৈ ওলোৱাটোত আমি মৰ্মাহত হৈছো ৷ জাতি- জনগোষ্ঠীসমূহৰ উন্নয়ন কৰাটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য ৷ সেয়ে জনগোষ্ঠীটোৰ দাবীসমূহ শীঘ্ৰে সমাধান কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷ লগতে ' কা' বিৰোধী আন্দোলন অব্যাহত থাকিব বুলিও কয় ৷ সংগঠনটোৱে 'কা' ৰ বিৰোধিতা কৰি যাব বুলি মন্তব্য কৰি কয় যে চৰকাৰে বিভিন্ন জাতি- জনগোষ্ঠীৰ বাবে যি আশ্বাস দিছে সেয়া তেওঁলোকৰ প্ৰাপ্য ৷ কিন্তু চৰকাৰে বুজি উঠা উচিত যে এনে আশ্বাস তথা প্ৰলোভনে 'কা' বিৰোধী আন্দোলনক স্তিমিত কৰিব নোৱাৰে বুলিও কয় ৷ আন্দোলন চলিব আৰু আমি সহযোগ কৰি যাম ৷ সভাপতিগৰাকীয়ে পুনৰ কয় যে কোচ ৰাজবংশীসকলৰ কমতাপুৰ নাৰ্য দাবী ৷ জনগোষ্ঠীটোৰ কমতাপুৰ আৰু জনজাতিকৰণৰ দাবী বহুদিনীয়া ৷ সেইটো তেওঁলোকে পাব লাগে ৷ কিন্তু চৰকাৰৰ ওচৰত তেওঁলোকৰ দাবীটো আছিল কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণ ৷ চৰকাৰে কিন্তু তাকে নকৰি 'কা' বিৰোধী আন্দোলনক ভয় খাই আন দিশে ঢাল খুৱাবলৈ আৰু বিভিন্ন জাতি জনগোষ্ঠীক সন্তুষ্ট কৰিবলৈ নামাকৰণটো সলনি কৰি দি অবিভক্ত গোৱালপাৰা জিলাৰ জাতি- জনগোষ্ঠীৰ মাজত থকা সাতান পুৰুষীয়া মিলা প্ৰীতিৰ মাজত ব্যাঘাত জন্মোৱাৰ বাবে এইটো কৰিছে ৷ সেয়ে নামটোক লৈ বিভেদৰ সৃষ্টি কৰিব পাৰে আৰু বিভিন্ন জাতি- জনগোষ্ঠীৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা বুলি জানিব পৰা বুলিও কয় ৷ তেওঁলোকক দিয়ক কিন্তু আমাৰ দাবীখিনিও পূৰণ কৰিব লাগে বুলিও চৰকাৰক দাবী জনায় ৷ সংবাদ মেলত সংগঠনটোৰ নেতৃত্বই শুকুৰবাৰে অনুষ্ঠিত সভাত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ উপ সভাপতি জয় চন্দ্ৰ নাথ, সাধাৰণ সম্পাদক ডম্বৰুধৰ নাথ, বিটিএডি নাথ-যোগী সন্মিলনীৰ সভাপতি,সম্পাদকৰ লগতে বঙাইগাঁও, ধুবুৰী, বিলাসীপাৰা আৰু গোৱালপাৰা জিলাৰ যোগী সন্মিলনী আৰু নাথ- যোগী ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদকসহ ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থকা বুলি উল্লেখ কৰে ৷ সংবাদ মেলত সংগঠনটোৰ উপ সভাপতি তৰংগ নাথ আদিও উপস্থিত থাকে ৷

Your Comments