বঙাইগাঁৱৰ প্ৰতিবেদক:
জাতিধ্বংসী নাগৰিকত্ব আইন-২০১৯ বাতিলৰ দাবীত আৰু প্ৰশাসনে আটক কৰা সমূহ সংগ্ৰামী সতীৰ্থৰ বিনাচৰ্তে মুক্তিৰ দাবীত শনিবাৰে বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু বিভিন্ন দল-সংগঠন তথা ৰাইজৰ সহযোগত বঙাইগাঁৱত এটা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত পুৱা ১১ঃ ৩০ বজাৰ পৰা ৰূপায়ণ কৰা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰাসকলে 'কা' আমি নামানো, 'কা' বাতিল কৰিবই লাগিব , আহ ঐ আহ ওলাই আহ, বাংলাদেশী খেদো গৈ আহ, অসমত বাংলাদেশীক সংস্থাপন দিয়া নচলিব, অখিল গগৈৰ মুক্তি দিয়ক, প্ৰশাসনে আটক কৰা প্ৰতিজন সংগ্ৰামী সতীৰ্থক বিনাচৰ্তে মুক্তি দিয়ক আদি বিভিন্ন শ্লোগান দিয়ে ৷ অৱস্থান কাৰ্যসূচীৰ অন্তত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল আৰু প্ৰশাসনে আটক কৰা প্ৰতিজন সংগ্ৰামী সদস্যক বিনাচৰ্তে মুক্তি দিয়াৰ বাবে আহ্বান জনাই অসমৰ মুখ্যমন্ত্ৰীলৈ বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰক পত্ৰত জিলা সমিতিয়ে জাতিধ্বংসী নাগৰিকত্ব আইনখনৰ তীব্ৰ বিৰোধিতা কৰি এই আইনখনৰ বাবে গোটেই অসমবাসী আজি এক শংকাত ভূগি থাকিবলগীয়া হৈছে বুলি উল্লেখ কৰে ৷ লগতে এই আইনখনে অসমীয়া ভাষা,কলা- সংস্কৃতি আৰু অসমবাসীৰ মাজত থকা ভাতৃত্ববোধৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলিও উল্লেখ কৰি এতিয়া অসমবাসীয়ে আইৰ মুখৰ মাত হেৰাই যোৱাৰ শংকাত ভুগিছে বুলি কয় ৷ সেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে আইনখন বাতিল কৰাৰ বাবে বলিষ্ঠ ভূমিকা আৰু ইয়াৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে আইনখনৰ বিৰোধিতা কৰি আটক হোৱা সংগ্ৰামী নেতা অখিল গগৈসহ প্ৰতিজন সংগ্ৰামী সদস্যক বিনাচৰ্তে মুক্তি দিবলৈ আহ্বান জনায় ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি শংকৰ দত্ত, প্ৰচাৰ সম্পাদকৰ লগতে কৰ্মীসকল, সমাজকৰ্মী প্ৰভাত বৈষ্ণৱ, অধিবক্তা হৰেশ্বৰ দাস, বঙাইগাঁও জিলা শিল্পী সমাজৰ সভাপতি দীপক দাস, কলিতা ছাত্ৰ সন্থাৰ নীলমণি কলিতাকে ধৰি বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধি আদিয়ে অংশ গ্ৰহণ কৰে ৷ উল্লেখ্য যে বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনে ইতিমধ্যে বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহীধৰ ৰায় আৰু সাধাৰণ সম্পাদক নন্দন দেৱ নাথক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ৷
- Log in to post comments
- 9 views