বৰভাগৰ আৰাংগমৌত পুত্ৰই ঘপিয়াই হত্যা কৰিলে পিতৃক

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলাৰ বৰভাগৰ আৰাঙ্গমৌ গাঁঁৱত এজন পুত্ৰই পিতৃক ঘপিয়াই হত্যা কৰা কাৰ্য্যত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷উল্লেখযোগ্য যে গাওঁখনৰ বাসিন্দা প্ৰবীন দাসে(৮০) বৃহস্পতিবাৰে দিনৰ ভাগত চোতালত শুই থকা অৱস্থাতে তেওঁৰে পুত্ৰ প্ৰফুল্ল দাসে(৩৫)এখন চোকা দাৰে ডিঙিত ঘপিয়াই হত্যা কৰে৷জানিব পৰামতে হত্যাকাৰী প্ৰফুল্ল কিছুদিনৰ পৰা মানসিক ৰোগত আক্ৰান্ত হৈ আছিল৷অৱশেষত কমাৰকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষী দলে হত্যাকাৰী পুত্ৰক আটক কৰে৷

Your Comments