হাজোত 'কা' ৰ বিৰূদ্ধে ৰভাতলীৰ পৰা দৰা-কইনাৰ অভিনৱ প্ৰতিবাদ

Pic

হাজোৰ পৰা কমলা কান্ত দাস:

ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। কোনো কাৰণতে জাতিধ্বংসী আইনখন মানি নোলোৱাৰ হুংকাৰ অসমবাসীৰ। অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি ভাবুকি স্বৰূপস্বৰূপ নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰোধিতা বহুতে বিভিন্ন ধৰণেৰে কৰা দেখিবলৈ পোৱা গৈছে।বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত 'কা' বিৰোধী বেজ পৰিধান কৰি অৱতীৰ্ণ হৈ সৰ্বত্ৰ ব্যাপক চৰ্চা লাভ কৰিছে। এইবাৰ চৰ্চালৈ আহিছে এহাল দৰা -কইনা।বিয়াৰ দিনাই দুয়োগৰাকীয়ে বিৰোধিতা কৰিলে নাগৰিকত্ব সংশোধনী আইনৰ।'CAA' বিৰোধী প্লে'কাৰ্ড হাতত লৈ ৰভাতলীৰ পৰা দৰা-কইনাই কৰিলে অভিনৱ প্ৰতিবাদ। হাজোৰ দলৈতোলাৰ শিক্ষক ফিৰোজ আলীৰ জীয়াৰী নাহৰ ইফতিহাম আনজুমৰ হাজোৰ বৰম্বৈৰ ৰেকিব আহমেদ নামৰ যুৱকজনৰ সৈতে নিকাহ সম্পন্ন হয়।অনুষ্ঠানত দৰা-কইনাই জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ। হাজোৰ পৰা কমলাকান্ত দাস ।

Your Comments