'কা' বাতিলৰ দাবীত মাজুলীত 'আছু'সহ ৩০টা জনগোষ্ঠীয় সংগঠনৰ গণ বিক্ষোভ 

Pic

ৰাজীৱ পাতিৰ,মাজুলী:

জাতিধ্বংসী আইন নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিলৰ দাবীত 
মাজুলী মহকুমা ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বৃহস্পতিবাৰে মাজুলীৰ ফুলনি চাৰিআলিত পুৱা ১১ বজাৰ পৰা গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।জেংৰাইমুখৰ বেংগলী, বিহাৰী,মাৰোৱাৰী,গোৰ্খা আদি বিভিন্ন জাতি-জনগোষ্ঠী,সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী-অমিত শ্বাহ হায় হায়; অসমীয়াৰ বাবে ক'লা আইন হিচাপে বিবেচিত 'কা' বাতিল কৰক; জয় আই অসম; ইনক্লাব  জিন্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে ফুলনিৰ আকাশ-বতাহ কঁপাই তোলে । এই  প্ৰতিবাদী কাৰ্যসূচীত মাজুলী জিলা কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি আদিত্য দত্তই ক্ষমতা দখলৰ স্বাৰ্থত জাতিক বিক্ৰী কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰক তীব্র সমালোচনা কৰি চৰকাৰখনে গ্ৰহণ কৰা দমনমূলক নীতিয়ে বিজেপি চৰকাৰকে ধ্বংস কৰিব বুলি প্ৰকাশ কৰে। মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা পৱিত্ৰ গোস্বামীয়ে জাতিধ্বংসী 'কা'ৰ জৰিয়তে অসমীয়া জাতিলৈ সংকট নমাই অনা বিজেপি চৰকাৰে ৰাইজক পৰিৱৰ্তনৰ সপোন দেখুৱাই জাতীয় সমস্যাসমূহ দূৰ কৰাতো বাদেই অসমীয়াক ৰাজপথলৈ ওলাই আহিবলৈহে বাধ্য কৰিলে বুলি ব্যক্ত কৰে। ৮৫৫ গৰাকী যুৱকৰ কেঁচা তেজৰ মূল্য বিগত দিনত কোনো এখন চৰকাৰে দিবলৈ সক্ষম নহ'ল। জাতীয় নায়ক ৰূপে শাসনৰ গাদীত বহা সৰ্বানন্দ সোণোৱালৰ বিজেপি চৰকাৰৰ দিনতো জাতি ৰক্ষাৰ বাবে পুনৰ অসমীয়া যুৱকে প্ৰাণ বলিদান দিব লগা হ'ল। বিদেশীৰ নামত, ধৰ্মৰ নামত ৰাজনীতি কৰা এই বিজেপি চৰকাৰক '২১ ৰ নিৰ্বাচনত ওফৰাই দিবলে ৰাইজ বদ্ধপৰিকৰ বুলি গোস্বামীয়ে প্ৰকাশ কৰে। মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকাই অসম চুক্তি আখৰে-আখৰে পালন কৰিবলৈ দাবী জনোৱাৰ লগতে ১৯৭১ চনৰ পিছৰ এজনো বিদেশীৰ বোজা অসমে নলয় বুলি সজোৰে প্ৰকাশ কৰে। জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰুৱাই আঁত ধৰা কাৰ্যসূচীত 'আপকু'ৰ মাজুলী জিলাৰ সভাপতি জীৱন বৰুৱা,সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য সূৰ্য কুমাৰ ভূঞা,মাজুলী মহকুমা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মা,উপ-সভাপতি দীপক নেওগ উপস্থিত থাকে।

Your Comments