মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
নাগৰিকত্ব (সংশোধিত)আইন(কা) বাতিল আৰু কৃষক নেতা অখিল গগৈ,আলফা নেতা জিতেন দত্ত,লাচিত সেনাৰ নেতা শৃংখল চলিহাকে ধৰি চৰকাৰে বন্দী কৰি ৰখা সকলো প্ৰতিবাদকাৰীক শীঘ্ৰে মুক্তিৰ দাবীত বৃহস্পতিবাৰে মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৩ ঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ পবিতৰা হাটৰ মুখত মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি যতীন দাস আৰু সম্পাদক দেৱজিৎ পাটৰৰ নেতৃত্বত পুৱা ১১ বজাৰ পৰা আবেলি ২ বজালৈ গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচীয়ে পৰিৱেশ উত্তাল কৰি ৰাখে। দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে 'কা' কোনো কাৰণতেই মানি লোৱা নহ'ব বুলি হুংকাৰ দি প্ৰতিবাদী কণ্ঠ ৰোধ কৰিবলৈ অখিল গগৈ,জিতেন দত্ত,শৃংখল চলিহা আদি নেতাক চৰকাৰে বন্দী কৰি ৰাখিলেও ৰাইজৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখন কেতিয়াও স্তব্ধ কৰিব নোৱাৰে বুলি চৰকাৰক সকীয়াই দিয়ে। চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানে পৰিৱেশ উত্তাল কৰি ৰখা কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সম্পাদক জিতেন বৰা,জাতি ৰক্ষা সমিতিৰ সভাপতি চিদাম দেউৰী,মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্রীয় প্ৰচাৰ সচিব জিতুমণি নাথ,আলফা শ্বহীদ পৰিয়াল সমিতিৰ সম্পাদক লাচিত ডেকাকে আদি কৰি কেইবাটাও জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে বক্তব্য প্ৰদান কৰি চৰকাৰে বন্দী কৰি ৰখা সমূহ প্ৰতিবাদকাৰীক শীঘ্ৰে মুক্তি দিবলৈ চৰকাৰক দাবী জনায়।
- Log in to post comments
- 11 views