ঘগ্ৰাপাৰ- বৰাজোলত পঞ্চায়তৰ উন্নয়নমূলক আঁচনিৰ কামৰ আধাৰশিলাৰ স্থাপন

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৫ সংখ্যক জন্মদিন উপলক্ষে 'সুশাসন দিৱস' হিচাপে বুধবাৰে নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘগ্ৰাপাৰ আৰু পূব-বনভাগ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন স্থানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই পাঁচটা চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৭--১৮ বৰ্ষৰ পুঁঁজিৰ কামৰ শুভাৰম্ভণি কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই। বিধায়ক শৰ্মাই প্ৰথমে পূব বনভাগ গাঁও পঞ্চায়তৰ অন্তৰ্গত কঞাঁকুছি কহাৰতল গীত মন্দিৰ সভাঘৰ নিৰ্মাণৰ ৩ লাখ, পৈছাৰাত বনভাগ মহাবিদ্যালয় সন্মুখত অৱস্থিত বাৰ গোপাল থান উন্নয়নৰ বাবদ ৩ লাখ, ঘগ্ৰাপাৰ গাঁওপঞ্চায়তৰ অন্তৰ্গত চিলিং গাঁৱৰ শিৱ মন্দিৰ চাৰিসীমাৰ পকীবেৰ নিৰ্মাণৰ বাবদ তিনি লাখ,লাটিমা গাঁৱৰ গোপাল মন্দিৰ সভা ঘৰ নিৰ্মাণৰ বাবদ আঢ়ৈ লাখ,আৰু বাঘমাৰা গাঁৱৰ ঔ তলৰ গোপাল মন্দিৰ সভা ঘৰ নিৰ্মাণৰ বাবদ আঢ়ৈ লাখটকীয়া কামৰ শুভাৰম্ভণি কৰে।উল্লেখযোগ্য যে ঘগ্ৰাপাৰ আৰু পূব বনভাগ গাঁও পঞ্চায়তৰ অন্তৰ্গত মুঠ ৪৪ টা বিভিন্ন ৰাজহুৱা অনুষ্ঠানত (পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ) চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত প্ৰায় কোটি টকা ধাৰ্য কৰিছে বুলি জানিব পৰা গৈছে।ইফালে,বুধবাৰে  ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ চিলিং গাঁৱৰ (ভূইমুৰ) শিৱ মন্দিৰ প্ৰাংগণত শিক্ষাবিদ দীনেশ শৰ্মাই সঞ্চালনা কৰা আধাৰশিলা অনুষ্ঠানটোৰ আঁত ধৰে ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সচিব পৰেশ কলিতাই। সভাখনত বিধায়ক শৰ্মাই অংশগ্ৰহণ কৰি চতুৰ্দশ বিত্তীয় আয়োগ আ‍ঁচনিৰ কামত যাতে কোনো দুৰ্নীতি-অনিয়ম সংঘটিত নহয়,তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক সতৰ্ক কৰি দিয়াৰ লগতে ৰাইজক কামসমূহৰ ওপৰত চোকা নজৰ ৰাখিবলৈ আহ্বান জনায়। ৰাইজ সজাগ থাকিলেহে চৰকাৰী আঁচনিৰ কাম অধিক নিখুঁতভাৱে হয় বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে।লগতে বিধায়কগৰাকীয়ে প্ৰয়াত প্ৰধানমন্ত্ৰী বাজপেয়ীৰ নীতি-আদৰ্শ অনুসৰণ কৰিবলৈ ৰাইজ তথা দলীয় কৰ্মকৰ্তাসকলক হ্বান জনায়। বিধায়ক শৰ্মাৰ  এই গ্ৰামোন্নয়ন আঁচনি শুভাৰম্ভণি অনুষ্ঠানত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ নৱ-নিৰ্বাচিত সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, ঘগ্ৰাপাৰ আৰু পূৱ বনভাগ গাঁও পঞ্চায়তৰ সভাপতি ক্ৰমে ৰাতুল শৰ্মা, নমিতা ৰাজবংশী ,সচিব অনিল শৰ্মা , ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,কাউন্সিলাৰ মণিকা ভৰালী, মনেশ্বৰ ভৰালী, বিজেপি নেতা বনদীপ ডেকা,মৃদুল কলিতা,চন্দন ডেকা,ভালেসংখ্যক বিজেপিৰ নেতা-কৰ্মী,স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। ইফালে,আবেলি বড়িগোগ বনভাগ  মণ্ডল  বিজেপিৰ অন্তৰ্গত কঞাঁকুছি বুথত ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে সুশাসন দিৱস পালন কৰা হয়।বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই সভাপতিত্ব কৰা অনুষ্ঠানটোত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাকে ধৰি ভালেসংখ্যক নেতা -কৰ্মীয়ে অংশগ্ৰহণ কৰে।

Your Comments