বটদ্ৰৱাৰ পৰা নিপন নাথ: সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী আইন-২০১৯(কা)ৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন চলি থকাৰ সময়তে বুধবাৰে এই আইনৰ বিৰোধিতাৰে প্ৰতিবাদী সভা অনুষ্ঠিত কৰে সদৌ অসম গৰিয়া - মৰিয়া- দেশী জাতীয় পৰিষদে । গৰিয়া- মৰিয়া- দেশী জাতীয় পৰিষদৰ জাজৰি আঞ্চলিক সমিতি,জাজৰি যুৱ মঞ্চ আৰু জাজৰি উন্নয়ন মঞ্চৰ সহযোগত জাজৰি বালিজান খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত কেইবাজনো ছাত্ৰনেতাৰ লগতে সাহিত্যিকে অংশ গ্ৰহণ কৰি 'কা' বাতিল কৰিবলৈ চৰকাৰক দাবী জনায়।
- Log in to post comments
- 14 views