মাজুলীত গেজেৰাৰ জনজাতীয় লোকক ঠাইতে জাতিগত প্ৰমাণ-পত্ৰ বিতৰণ

Pic

ৰাজীৱ পাতিৰ,মাজুলী:

মাজুলীৰ আওহতীয়া এলেকাৰ বাসিন্দাক প্ৰশাসনৰ কাষ চপাই নিয়াৰ লক্ষ্যৰে উপায়ুক্ত বিক্ৰম কৈৰীৰ বিশেষ উদ্যোগত গ্ৰহণ কৰা প্ৰয়াসৰ অংশ হিচাপে মঙলবাৰে উজনি মাজুলীৰ অতি দুৰণীবটীয়া গেজেৰা এলেকাৰ জনজাতীয় লোকসকলক ঠাইতে জাতিগত প্ৰমাণ-পত্ৰ প্ৰদানৰ শিবিৰ অনুষ্ঠিত কৰা হয়। জিলা প্ৰশাসনৰ প্ৰমাণ-পত্ৰ প্ৰদান শাখাই মাজুলী ৰাজহ চক্ৰৰ সহযোগত উজনি মাজুলী ৰঙ্গমঞ্চত আয়োজন কৰা এই শিবিৰত ঠিতাতে জাতিগত প্ৰমাণ পত্ৰ বিতৰণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে উপায়ুক্ত কৈৰীয়ে।

Pic

অতিৰিক্ত উপায়ুক্ত নৰেন দাস, ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা, সংলগ্ন ৰাজহ চক্ৰ বিষয়া ডাঃ অনামিকা গগৈ, সহকাৰী আয়ুক্তদ্বয় হিমাদ্ৰী বৰা আৰু বিভাষ পাঠকেও এই ঠাইতে জাতিগত প্ৰমাণ-পত্ৰ বিতৰণী শিবিৰত অংশগ্ৰহণ কৰে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ সীমাৱৰ্তী এই দুৰ্গম, মঠাউৰিপৰীয়া এলেকাটোৰ গেজেৰা, জাবৰচুক বচা আৰু জাবৰচুক গাঁৱৰ জনজাতীয় লোকসকলৰ বাবে আয়োজিত শিবিৰটোত স্থানীয় গাঁওবুঢ়া,লাট মণ্ডল আৰু উপায়ুক্ত কাৰ্যালয়ৰ প্ৰমাণ-পত্ৰ প্ৰদান শাখাৰ কৰ্মচাৰীসকলৰ লগতে অঞ্চলটোৰ পাঁচ শতাধিক লোকে ভাগ লয়। এই শিবিৰতে অঞ্চলটোৰ মিছিং জনগোষ্ঠীৰ প্ৰায় ৪০০গৰাকী লোকে জাতিগত প্ৰমাণপত্ৰ (জনজাতি)ৰ বাবে আবেদন দাখিল কৰে। ৰাজহ চক্ৰ বিষয়া, সংলগ্ন ৰাজহ চক্ৰ বিষয়া, সহকাৰী আয়ুক্তৰ নিৰীক্ষণত আৰু গাঁওবুঢ়া-লাট মণ্ডলৰ সহযোগত জিলা প্ৰশাসনৰ প্ৰমাণপত্ৰ প্ৰদান শাখাৰ কৰ্মচাৰীসকলে এই আবেদনপত্ৰ লগে লগে পৰীক্ষা কৰি ইয়াৰে ১৬৪ গৰাকী আবেদনকাৰীক এই শিবিৰতে জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। জিলা প্ৰশাসনে মঙলবাৰে শিবিৰত সংগ্ৰহ কৰা অৱশিষ্ট আবেদনসমূহ পৰীক্ষা কৰি কমদিনৰ ভিতৰতে গাঁওবুঢ়াৰ জৰিয়তে এইসকল আবেদনকাৰীকো জিলা সদৰলৈ আহিব লগা নোহোৱাকৈ নিজ এলেকাতে জাতিগত প্ৰমাণপত্ৰ পোৱাৰ ব্যৱস্থা কৰা হ'ব।

Your Comments