২০১৭ৰ মাৰ্চত সংশোধিত প্ৰাদেশিকীকৰণ আইনৰ জৰিয়তে অসমৰ ১৩৪ খন মহাবিদ্যালয়ৰ প্ৰায় ৪০০ জন সহকাৰী অধ্যাপকৰ পদ প্ৰাদেশিকীকৰণ কৰিব লাগিছিল।চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিচত আজিও সেয়া কাৰ্যকৰী কৰা নহ'ল । ২০১৩ চনত ৰাজ্য চৰকাৰে ২০১১-১২ সংশোধিত প্ৰাদেশিকীকৰণ আইনৰ জৰিয়তে ১৩৪খন মহাবিদ্যালয়ৰ ৩০ শতাংশ পদ প্ৰাদেশিকীকৰণ কৰিছিল । ‘নেট’, ‘শ্লেট’ নথকাৰ বাবে বাকী ৭০ শতাংশ সহকাৰী অধ্যাপকৰ পদ প্ৰাদেশিকীকৰণ কৰা নহ'ল ।
প্ৰায় ১১৫০ জন সহকাৰী অধ্যাপকৰ পদ প্ৰাদেশিকীকৰণ হোৱা নাছিল । ৫ বছৰৰ ভিতৰত ‘নেট’, ‘শ্লেট’ সম্পূৰ্ণ কৰিবলৈ চৰকাৰে সময় দিলে । প্ৰায় ৪০০ জনে সময়ৰ ভিতৰত ‘নেট’, ‘শ্লেট’ৰ লগতে বহু কেইজনে পি এইচ ডি সম্পূৰ্ণ কৰিলে । সংশোধিত আইনখনৰ মতে প্ৰয়োজনীয় ডিগ্ৰী সম্পূৰ্ণ কৰা সকলৰ পদসমূহ প্ৰাদেশিকীকৰণ কৰিব লাগে । বিভিন্ন কাৰণ দেখুৱাই চৰকাৰে এই ব্যৱস্থা কাৰ্যকৰী কৰা নাই ।
আশাত বন্দী হৈ প্ৰয়োজনীয় সকলো শিক্ষা গ্ৰহণ কৰাৰ পিছত আজি পুনৰ অনিশ্চয়তাৰ মাজত থাকিব লগা হৈছে কলেজ শিক্ষকসকল । ৰাজ্য চৰকাৰে ৰাজ্যখনৰ উচ্চ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সমস্যা সমাধান কৰা উচিত বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে ।
- Log in to post comments
- 9 views