টিএমপিকে আৰু এমএমকেৰ উদ্যোগত লোহিত খাবলুত আজি বিশাল গণ সমাৱেশ : উন্নয়ন বিচাৰি কঁপাই তুলিব খাবলু নৈৰ পাৰ

'নিউজ এএছএন'ৰ প্ৰতিবেদক: মাজুলী:

টিএমপিকে আৰু এমএমকেৰ লোহিত খাবলু আঞ্চলিক সমিতিৰ উদ্যোগত উক্ত অঞ্চলৰ ৰাইজৰ সহযোগত আজি হেজাৰ হেজাৰ প্ৰতিবাদী জনতাৰ অংশগ্ৰহণেৰে খাবলু নৈৰ পাৰত এক বৃহৎ গণ সমাৱেশ অনুষ্ঠিত কৰি লোহিত খাবলুৰ উন্নয়ন বিছাৰিব। উল্লেখ্য যে দেশে স্বাধীনতা লাভ কৰাৰ ৭২টা বছৰৰ পিছতো লখিমপুৰ জিলাৰ লোহিত খাবলু গাঁও পঞ্চায়ত অঞ্চলত উন্নয়নৰ কোনো চিন আজিলৈ ৰাইজে প্ৰত্যক্ষ কৰা নাই। লোহিত খাবলুৰ ত্ৰিশখন গাঁৱৰ লগতে মিচিং জাতীয় সংগঠন টি এম পি কে,এম এম কে সংগঠন দুয়োটাই শেহতীয়াকৈ সৰৱ হৈ উঠিছে অঞ্চলটোৰ দীৰ্ঘদিনীয়া এই অনুন্নয়নৰ বিৰুদ্ধে। সেয়ে আজি দিনৰ ভাগত হেজাৰ হেজাৰ প্ৰতিবাদী জনতাই একেলগে সমবেত হৈ খাবলুৰ ওপৰত দলং নিৰ্মাণ কৰা, যাতায়ত-যোগাযোগ খহনীয়া, শিক্ষা,স্বাস্থ্য,বিশুদ্ধ খোৱা পানী,বিদুৎ আদিৰ লগতে অঞ্চলটোৰ উন্নয়ন বিছাৰি আহ্বান জনাব চৰকাৰ-প্ৰশাসনক । এই সমাৱেশ অনুষ্ঠানলৈ লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা,মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া,লখিমপুৰৰ বিধায়ক উৎপল দত্ত, টি এম পি কে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজকুমাৰ মৰাং,লখিমপুৰ জিলাৰ উপায়ুক্ত ডাঃ জীৱন বি,মাজুলী জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰীৰ লগতে বিভিন্নগৰাকী বিশিষ্ট নাগৰিকক আমন্ত্ৰণ জনোৱা বুলি টি এম পি কেৰ লোহিত খাবলু আঞ্চলিক সমিতিৰ সম্পাদক নৱজিৎ পায়েঙে জানিবলৈ দিয়াৰ লগতে সকলো ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে ।

Your Comments