শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানৰ সমীপত বৃহস্পতিবাৰে পুৱা ৮.৩০ মান বজাত সংঘটিত হোৱা এক পথ দুুর্ঘটনাত শিৱসাগৰ মহাবিদ্যালয়ৰ এজন ছাত্ৰৰ মৃত্যু হয়। ডিমৌ কুশল পথৰ নিৱাসী চন্দ্ৰশেখৰ দত্ত নামৰ যুৱক জনে পুৱা AS04X0780 নম্বৰৰ স্কুটিৰে ডিমৌৰ পৰা শিৱসাগৰ মহাবিদ্যালয়লৈ আহি থকা অৱস্থাত দিখৌ দলঙৰ সমীপত এখন চাইকেলেৰ সৈতে মুখামুখি সংঘৰ্ষ লাগে। সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আঘাত পোৱা যুৱকজনক ততাতৈয়াকৈ কাষতে থকা আদিত্য নাৰ্চিংহোমলৈ নিয়া হয় যদিও চিকিৎসালয় কৰ্তৃপক্ষই যুৱকজনক চিকিৎসা নকৰাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়।মুখেদি অত্যাধিক ৰক্তক্ষৰণ হোৱা যুৱকজনক চিকিৎসকে বচাবলৈ বহু চেষ্ঠা কৰিছিল যদিও কিছু সময়ৰ পাছতে যুৱকজনৰ মৃত্যু হয়।মৃত চন্দ্ৰশেখৰ দত্ত শিৱসাগৰ মহাবিদ্যালয়ৰ তৃতীয় ষন্মানিষৰ ছাত্ৰ আছিল।
আনহাতে,শিৱসাগৰত ব্যক্তিগত নাৰ্চিংহোমৰ দৌৰাত্ম্য দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে। যিসময়ত শিৱসাগৰ জিলা প্ৰশাসনে ব্যক্তিগত নাৰ্চিং হোমত নিশা জৰুৰীকালীন সেৱা পুনৰ খুলিবলৈ চিন্তা-চৰ্চা কৰি আছে, তেনে সময়তেই দিন-দুপৰত এজন আঘাতপ্ৰাপ্ত যুৱকক চহৰৰ আদিত্য নামৰ ব্যক্তিগত চিকিৎসালয়খনে চিকিৎসা নকৰা কাৰ্যক ধিক্কাৰ দিছে শিৱসাগৰবাসীয়ে। শিৱসাগৰ জিলা প্ৰশাসনক আদিত্য নামৰ ব্যক্তিগত নাৰ্চিংহোমখনৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় জনসাধাৰণে দাবী জনাইছে ।
- Log in to post comments
- 5 views