নৰেন শৰ্মা,বাহাৰঘাট: বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰশিমলুৱা গাঁৱৰ কলিতা চুবুৰীটোত বসবাস কৰা মানুহৰ ঘৰৰ ওপৰেৰে পাৰ হৈ যোৱা ১১০০০ ভল্টৰ বৈদ্যুতিক তাঁৰে ৰাইজৰ টোপনি হৰিছে।শংকাত দিন কটাবলগীয়া হৈছে এইসকল লোকে। তাঁৰ সংযোগ কৰাৰ দিনৰে পৰা সলনি কৰা হোৱা নাই পুৰণি তাঁৰবোৰ। তাঁৰবোৰ পুৰণি হোৱাৰ ফলতে ওলমি ঘৰৰ নিচেই ওচৰ পাইছে। বিভাগক এই বিষয়ে বাৰাম্বাৰ অৱগত কৰাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় লোকসকলে। সৰ্বসাধাৰণ ৰাইজৰ জীৱনক লৈ হেতালি নেখেলিবলৈ শক্তি বিভাগক সকীয়াই দিছে স্থানীয় ৰাইজে। আওপুৰণি তাঁৰবোৰ অতি শীঘ্ৰে সলনি কৰিবলৈ স্থানীয় ৰাইজৰ লগতে বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰাজু কলিতাই আহ্বান জনাইছে।
- Log in to post comments
- 20 views