মৰিগাঁও জিলা প্ৰশাসনে ৰূপায়ণ কৰা 'কাৰাগাৰৰ পৰা কাৰিকৰ' শীৰ্ষক আঁচনিৰ সফল সামৰণি

Pic

মৰিগাঁৱৰ পৰা জিতুমণি নাথ:

কাৰাগাৰত থকা কাৰাৰুদ্ধসকলে বন্দিত্বৰ    জীৱন শেষ কৰি এখন সুন্দৰ সমাজৰ বাবে কাম কৰিব পাৰে,সেই লক্ষ্য আগত ৰাখি মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ বিশেষ তৎপৰতাত ৰূপায়ন কৰা "কাৰাগাৰৰ পৰা কাৰিকৰ" শীৰ্ষক আঁচনিখনে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। কাৰাগাৰত অন্ধকাৰময় জীৱন অতিবাহিত কৰা কাৰাবন্দী সকলে মৰিগাঁও জিলা উপায়ুক্তৰ সৱল পদক্ষেপত জিলা কাৰাগাৰত কাৰাবন্দী সকলৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণ ৰূপায়ণে কাৰাবন্দীসকলৰ জীৱন ৰঙীন কৰিব বিচৰা কাৰ্যত আজি আৱেগিক হৈ পৰে কাৰাবন্দীসকল। উল্লেখ্য যে কাৰাবন্দীসকলৰ বাবে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই ১৫ আগষ্টত মৰিগাঁও কাৰাগাৰত "কাৰাগাৰৰ পৰা কাৰিকৰ" শীৰ্ষক এখন আঁচনি ৰূপায়নৰ কৰিছিল। মৰিগাঁও উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিশেষ সহযোগত ৰূপায়ন কৰা আঁচনিখনৰ জৰিয়তে ২০ জন কাৰাবন্দীক ফেন,টিভি মেৰামতিৰ ২ মাহ জোৰা দক্ষতা বিকাশৰ বাবে এক প্ৰশিক্ষণ প্ৰদান কৰিছিল। এই প্ৰশিক্ষণৰ অন্তত ১২ জন কাৰাবন্দী উত্তীৰ্ণ হয়। তদুপৰি কৃষি প্ৰধান জিলা হিচাপে ১৫ জন কাৰাবন্দীক টেক্টৰ,পাৱাটিলা,পাৱাৰ পাম্প আদি মেৰামতি ক্ষেত্রতো ১৫ দিনীয়া এক দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। জিলা কাৰাগাৰত মুঠ ২৭ জন প্ৰশিক্ষাৰ্থীয়ে সফলভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ অন্তত শুকুৰবাৰে কাৰাবন্দী প্ৰশিক্ষাৰ্থীসকলক জিলা প্ৰশাসনৰ ফালৰ পৰা একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সভাত জিলা উপায়ুক্ত ঋতুৰাজ বৰাই কয় সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ হলে প্ৰতিজন লোকৰেই কিবা নহয় কিবা এটা দক্ষতা থাকিবই লাগিব। সেই কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে দক্ষতা বিকাশত অধিক গুৰুত্ব প্ৰদান কৰি দক্ষতা বিকাশৰ বাবে এক বিভাগেই স্থাপন কৰিছে। এই ক্ষেত্ৰত যুৱক যুৱতী আৰু অন্যান্য লোকসকলেও যিকোনো এটা বিদ্যা আহৰণ কৰিব বাবে দক্ষতা বিকাশত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। জিলা সত্ৰন্যায়াধীশ প্ৰাঞ্জল দাস,কাৰাগাৰ সমূহৰ মহাপৰিদৰ্শক হৰেন কলিতা,অতিৰিক্ত আৰক্ষী অধীক্ষক সুভাষীশ বৰুৱা,জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাতৰে কাৰাগাৰত ৰূপায়ণ কৰা আঁচনি খনৰ জৰিয়তে কাৰাবন্দী সকলক এক নতুন জীৱন প্ৰদান কৰিব বুলি মন্তব্য কৰে। মৰিগাঁও উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ কৃষ্ণ বনিয়াই আঁত ধৰা সভাখনত জিলা কৃষি বিভাগৰ জ্যেষ্ঠ কৃষি বিষয়া বিপুল আহমেদ,বিজেপি নেতা অজিত ডেকা,জিলা কাৰাগাৰ অধীক্ষক গৌতম বৰা,মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি জগদীশ নাথ,সম্পাদক জিতুমণি নাথ,সাংবাদিক ৰিতুমনণি মহন্ত,ৰাতুল ডেকা,প্ৰাঞ্জল দাস আদি কৰি ভালেকেইজন ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। উল্লেখ্য যে মৰিগাঁও জিলা প্ৰশাসনে জিলা কাৰাগাৰত ৰূপায়ণ কৰা এই আঁচনিখনৰ জৰিয়তে বৰ্তমানে কাৰাগাৰখনৰ ভিতৰত মেৰিমতি কৰিব লগা সৰু-সৰু কামসমূহ কাৰাবন্দীসকলে কৰিবলৈ সক্ষম হৈছে। তদুপৰি জিলা কাৰাগাৰৰ ভিতৰত থকা পতিত মাটিসমূহ খেতিৰ বাবে উপযোগী কৰি জিলা কৃষি বিভাগৰ সহযোগত কাৰাবন্দীসকলে শাক-পাচলি নতুবা অন্যান্য কৃষি ৰূপায়ণ কৰিবলৈ প্ৰস্তুতি চলোৱা বুলি জিলা উপায়ুক্তই অৱগত কৰে।

Your Comments