নলবাৰীত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ প্ৰতিযোগিতা সম্পন্ন

Pic

বৰভাগৰ পৰা সঞ্জয় দাস:

অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা পৰিচালিত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ পূব নলবাৰী সংখ্যাই আয়োজন কৰা এলানি বিজ্ঞানভিত্তিক প্ৰতিযোগিতা বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হয়।পূব-নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ শতাধিক ছাত্র-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । নলবাৰী ছোৱালী হাইস্কুলত অনুষ্ঠিত প্ৰতিযোগিতাখন উদ্বোধন কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ,নলবাৰীৰ সভাপতি ডঃ দিনমণি ভাগৱতীয়ে।উদ্ধোধনী সভাত উপস্থিত থাকে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিনু ৰাজবংশী, বিজ্ঞান লিখক মহানন্দ পাঠক,আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমন্বয়ক প্ৰদীপ মহন্ত,ইলোৰা বিজ্ঞান মঞ্চৰ নলবাৰী সমিতিৰ সম্পাদক কুলেশ চন্দ্ৰ ডেকা আৰু নলবাৰী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষায়িত্ৰী শেৱালি কলিতা।ইয়াৰ পিছতে বিজ্ঞানভিত্তিক মডেল, চিত্ৰাংকণ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।ছাত্র-ছাত্ৰীৰ মাজত অনুষ্ঠিত হৈ যোৱা বিভিন্ন প্ৰতিযোগিতাত প্ৰথম তিনিটা স্থানপ্ৰাপ্ত ছাত্র- ছাত্ৰীয়ে জিলা পৰ্যায়ত অহা ১৮ ডিচেম্বৰত টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনত অনুষ্ঠিত হ'ব লগীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। জিলা পৰ্যায়লৈ নিৰ্বাচিত দলটোত বিজ্ঞানৰ মডেলত নালন্দা পাব্লিক স্কুলৰ মৃদুপৱন মেধি আৰু প্ৰীতম ভট্টাচাৰ্যই প্ৰথম,পূব বতাহগিলা হাইস্কুলৰ নিশান্ত নাথে দ্বিতীয় আৰু বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ নাবসীম শ্ৰীয়া আৰু মাধুৰীমা বৰ্মনে তৃতীয় পুৰস্কাৰ লাভ কৰে।আনহাতে,পোষ্টাৰ অংকন প্ৰতিযোগিতাত আনন্দ বিদ্যা নিকেতনৰ ৰুহি কাকতিয়ে প্ৰথম,এমএনচি বালিকা বিদ্যাপীঠৰ শতাব্দী তালুকদাৰে দ্বিতীয় আৰু একে বিদ্যালয়ৰে ৰিমি ৰয়ে তৃতীয় পুৰস্কাৰ লাভ কৰে।আকস্মিক বক্তৃতাত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ নীতি শৰ্মাই প্ৰথম,বৰবৰী হাইস্কুলৰ কিংকৰ কলিতাই দ্বিতীয় আৰু নলবাৰী ছোৱালী হাইস্কুলৰ অনামিকা দাসে তৃতীয় পুৰস্কাৰ লাভ কৰে।বিয়লি অনুষ্ঠিত বঁটা বিতৰণী সভাত সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজ আহমেদ আৰু বিজ্ঞান কৰ্মী মজাম্মিল হুছেইনে অংশগ্ৰহণ কৰি পুৰস্কাৰ আৰু প্ৰমানপত্ৰসমূহ বিতৰণ কৰে।

Your Comments