শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
পৰিৱৰ্তনৰ ভুৱা প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰি নিজৰ ভোট বেংক সুৰক্ষিত কৰিবলৈ 'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬' গৃহীত কৰিবলৈ উঠিপৰি লাগিছে। তাৰেই ক্ষোভত জ্বলিছে এতিয়া সমগ্ৰ অসম। শিৱসাগৰত দহটা সংগঠনৰে গঠিত যৌথ সংগ্ৰামী মঞ্চই বৃহস্পতিবাৰে সন্ধিয়া প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰে। শিৱসাগৰ চহৰৰ দ'লমুখ চাৰিআলিত সমবেত হৈ দহ-সংগঠনৰ নেতা কৰ্মীয়ে হাতে-হাতে জ্বলন্ত শিখা লৈ প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰে। প্ৰতিবাদকাৰীসকলে দ'লমুখ চাৰিআলিৰ পৰা হাস্পতাল ৰোড হৈ অসম ৰাজ্যিক পৰিবহণ নিগম তিনিআলিয়েদি এ টি ৰোড ব'ৰ্ডিং ফিল্ড হৈ মুক্তিনাথ চাৰিআলিত উপস্থিত হৈ দীৰ্ঘ সময় ধৰি বিজেপি মুৰ্দাবাদ, হিন্দু বাংলাদেশী ৰক্ষক বিজেপি হুচিয়াৰ, জাতিদ্ৰোহী বিজেপি হুচিয়াৰ,অমিত শ্বাহ মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা গ' বেক আদি চৰকাৰ বিৰোধী ধ্বনিৰে শিৱসাগৰৰ আকাশ-বতাহ উত্তাল কৰি তোলে। দহটা সংগঠনৰ হৈ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, আহোম জাতীয় গণ মঞ্চ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আক্ৰাছু, তাই আহোম যুৱ পৰিষদ, উজনি অসম মুছলিম কল্যাণ পৰিষদ, মৰিয়া যুৱ ছাত্ৰ সন্থা, ঐক্য সেনা, আহোম সোনাৰ সহস্ৰাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 10 views