বাৰাংহাটীৰ জাতীয়তাবাদী সমাজসেৱী উমেশ কলিতাৰ মৃত্যুত:অঞ্চলব্যাপি শোকৰ ছাঁ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

কামৰূপ গ্ৰাম্য জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত বাৰাংহাটী গাওঁ নিবাসী জাতীয়তাবাদী চিন্তাধাৰাৰ সমাজসেৱী,সাংবাদিক উমেশ কলিতা(৫৫)ৰ বুধবাৰে নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা শাৰীৰিক অসুস্থতাত ভুগি থকা কলিতাৰ দুদিনমান আগতে স্বাস্থ্যৰ অধিক অৱনতি হোৱাত পৰিয়ালৰ লোকে গুৱাহাটীৰ সামৰিক হাস্পতালত ভৰ্তি কৰাই৷তাতে চিকিৎসাধীন অৱস্থাতে কলিতাৰ মৃত্যু হয়৷জীৱিত কালত কলিতাই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পশ্চিম বড়িগোগ আঞ্চলিক সমিতিৰ সম্পাদকৰ দায়িত্ব পালন কৰাৰ লগতে পৰৱৰ্তী সময়ত জাতীয়তাবাদী যুৱ পৰিষদৰ কামৰূপ জিলা সমিতি আৰু ৰঙিয়া মহকুমাৰ বিভিন্ন পদত কাৰ্য্যনিৰ্বাহ কৰে৷তদুপৰি উত্তৰ হাজো নাগৰিক মঞ্চৰ সম্পাদক,বাৰাংহাটী সুদৰ্শন ক্লাব,শতাব্দী ক্লাব,বৃহত্তৰ বাৰাংহাটী ৰঙালী বিহু সন্মিলন,চকীৰবড়ি বিহু সন্মিলন,কামপীঠ ৰাস মহোৎসৱ আদিৰ লগতে বাৰাংহাটী বংশীগোপাল সভাৰ বহুবাৰ সম্পাদকৰ দায়িত্ব পালন কৰাৰ উপৰিও অঞ্চলটোৰ প্ৰতিটো অনুষ্ঠানৰ লগতে ওতপ্ৰোতভাৱে জড়িত হৈ আছিল৷আনহাতে,'আমি অসমৰ জনগণ' বাতৰি কাকতৰ ডিমুৰ সংবাদদাতা হিচাবে কৰ্মৰত কলিতাই অন্য বাতৰি প্ৰতিষ্ঠানতো সংবাদদাতা হিচাবে জড়িত হৈ পৰিছিল৷তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে অজস্ৰ গুণমুগ্ধই বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনায়৷কলিতাৰ মৃত্যুত পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থা,দক্ষিণ ৰঙিয়া প্ৰেছ ক্লাব,অ:জা:যুৱ-ছাত্ৰ পৰিষদ,অ:জা:যুৱ পৰিষদ,উত্তৰ হাজো নাগৰিক মঞ্চ,বাৰাংহাটী সুদৰ্শন ক্লাব,শতাব্দী ক্লাব,ৰঙালী বিহু সন্মিলন,কৃষ্টি বিকাশ সংঘ,বৈল্লপে’ৰা গোষ্ঠী,বিজেপি,অগপ,কংগ্ৰেছ,বিভিন্ন দল-সংগঠনৰ উপৰিও কামৰূপ জিলা সাংবাদিক সন্থাৰ সম্পাদক তৰনীচৰণ কলিতা,'এমট্ৰন'ৰ প্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থ,বিজেপিৰ ৰাজ্যিক মিডিয়া চেলৰ সহ-আহ্বায়ক নিবাৰণ লহকৰ,পৰ্যটন নিগমৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা,কংগ্ৰেছৰ যুৱনেতা বাপুকণ আলী আদি কেইবাজনো বিশিষ্ট লোকে গভীৰ শোক প্ৰকাশ কৰে৷মৃত্যুৰ সময়ত কলিতাই তেওঁৰ পিতৃ-মাতৃ,পত্নী,এজন পুত্ৰ,এগৰাকী কন্যা সন্তানসহ বহুতো আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়৷

Your Comments