জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: '
'ইচ্ছাশক্তি থাকিলে সকলো কাম সম্ভৱ হয় ৷ আমাৰ টকা-পইচা সকলো আছে ৷ ইচ্ছা নথকা বাবেই আমি কিছুমান কাম নকৰো ৷ ফলত আমাৰ বহু টকা ঘূৰি যায় ৷ অৱশ্যে অসমক বাদ দি দেশৰ একাংশ ৰাজ্যত ধনৰ উপযুক্ত ব্যৱহাৰ হয় ৷'এই মন্তব্য শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিংহৰ ৷ চতিয়া সমষ্টিৰ উত্তৰ বৰভগীয়া গাওঁ পঞ্চায়তৰ অধীনৰ কুসুমটোলাস্থিত বৰবড়ী বহুমুখী কৃষি পাম পৰিদৰ্শন কৰি উপায়ুক্তগৰাকীয়ে নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ অধীনৰ পঞ্চায়ত কৰ্মীসকলৰে অনুষ্ঠিত এখন সভাত আৰু কয় চতিয়া সমষ্টিত বিধায়ক পদ্ম হাজৰিকাই যি কৰ্মসংস্কৃতি গঢ়ি তুলিছে,সেয়া ৰাজ্যখনতে বিছাৰি পাবলৈ নাই ৷ এনে ধৰণৰ কৰ্মমুখী আচঁনিয়ে নিবনুৱা যুৱকসকললৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ৷ আমি বিধায়ক মহোদয়ক সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াবলৈ সাজু।মীন পালনৰ ক্ষেত্ৰত সমষ্টিটোৰ নিবনুৱাসকলে গোট বান্ধি যি পদক্ষেপ গ্ৰহণ কৰিছে,সেয়া সচাঁই আদৰণীয় আৰু এনে পদক্ষেপে হাইদৰাবাদ, কাণপুৰৰ পৰা অসমলৈ মাছ আমদানি ৰোধ কৰিব বুলিও মন্তব্য কৰে উপায়ুক্তগৰাকীয়ে ৷ একেখন সভাতে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই প্ৰতিজন পঞ্চায়ত কৰ্মীক নিজ নিজ এলেকাত সৰ্ব্বসাধাৰণ ৰাইজ উপকৃত হ'ব পৰাকৈ কৰ্ম আচঁনি যুগুত কৰাৰ পৰামৰ্শ আগবঢ়ায় ৷ সমষ্টিটোৰ ১৯ খন পঞ্চায়তক সামৰি ইতিমধ্যে গঠন কৰা দুশ কৃষি গোটত পৰিকল্পনা অনুযায়ী গাহৰীপালন, গৰু-ছাগলী পালন, মীন পালনৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ সমষ্টিটোৰ দুই সহস্ৰাধিক নিবনুৱাৰ কৃষি কৰ্মৰ বাবে উপযুক্তভাৱে কৃষিভূমিও নিৰ্বাচন কৰা বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ।বুধবাৰে বৰবড়ী কৃষি ফাৰ্মৰ উপৰি উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিংহই জামুগুৰি মাৰ্কেটিংস্থিত কন্যকা বোৱাকটা উৎপাদন কেন্দ্ৰ, কন্যকা খাটি সৰিয়হৰ তেলৰ উদ্যোগ, পশু খাদ্য উদ্যোগ, কন্যকা বিপনন কেন্দ্ৰৰ লগতে জীয়াভৰলী নদীৰ কাষত দুহেজাৰ বিঘা মাটিৰে আগুৰা কন্যকা বহুমুখী কৃষি পাম পৰিদৰ্শন কৰি অভিভূত হৈ পৰে ৷ উপায়ুক্তগৰাকীয়ে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ কৰ্মতৎপৰাতক শলাগ লোৱাৰ লগতে সকলো ধৰণৰ সহযোগিতা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি আগবঢ়ায় ৷ বৰবড়ী কৃষি ফাৰ্মত অনুষ্ঠিত সভাত উপস্থিত থাকে বিশ্বনাথ জিলাৰ আৰক্ষী অধিক্ষক ৰাকেশ ৰোচন, নদুৱাৰ আৰু চতিয়াৰ দুই খণ্ড উন্নয়ন বিষয়া ক্ৰমে ৰাজীৱ বৰা, উৎপল মহন্ত, নদুৱাৰ আৰু চতিয়া দুই আঞ্চলিক পঞ্চায়তৰ সভাপতি ক্ৰমে দীনেশ দাস, লক্ষীকান্ত বৰাৰ লগতে কনিষ্ঠ অভিযন্তাসকল আৰু গড়কপ্তানী বিভাগ আৰু পশুচিকিৎসা বিভাগৰ বিষয়াসকল ৷
- Log in to post comments
- 87 views