শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
সদাব্যস্ত শিৱসাগৰৰ চহৰৰ মাজমজিয়াত বুধবাৰে সংঘটিত এটা দিন ডকাইতিৰ ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আলিউদ্দিন আহমেদ নামৰ ৬০ উৰ্ধৰ ব্যক্তিজনে কানাড়া বেংকৰ পৰা দুই লক্ষাধিক টকা উলিয়াই স্কুটিৰে আহি থকা অৱস্থাত এএচটিচি তিনিআলিৰ সমীপতে মটৰ বাইকত অহা দুজন যুৱকে আহমেদৰ স্কুটিৰ পৰা বেগটো থপিয়াই নিয়াত ব্যক্তিগৰাকী স্কুটিসহ ৰাস্তাত বাগৰি পৰে। প্ৰত্যক্ষদৰ্শীৰ মতে যুৱক দুজন পালচাৰ বাইকত ব্যক্তিজনৰ পিছে পিছে আহিছিল আৰু বেগটো থপিয়াই তীব্ৰ গতিত এটি ৰোড হৈ পলায়ন কৰে। ব্যক্তিজনে শিৱসাগৰৰ এটা ট্ৰেভেল এজেন্সিত কাম কৰিছিল আৰু টকাখিনি বেংকৰ পৰা উলিয়াই কাৰ্যালয়লৈ গৈ থকা সময়ত ঘটনাটো সংঘটিত হয়। উল্লেখ্য যে শিৱসাগৰত এনে ধৰণৰ ডকাইতিৰ ঘটনা বহুকেইটা সংঘটিত হৈ আহিছে যদিও শিৱসাগৰ আৰক্ষীয়ে আজি পৰ্যন্ত এটাও দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ পৰা নাই। শিৱসাগৰ আৰক্ষীৰ চকুৰ সন্মুখতেই বাইকত অহা চিলনী চোৰে ইটোৰ পিছত সিটো চুৰি কাৰ্য সংঘটিত কৰিছে যদিও চিলনী চোৰ ধৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে শিৱসাগৰ আৰক্ষী।
- Log in to post comments
- 14 views