বনভাগ মহাবিদ্যালয়ৰ যুৱ মহোৎসৱ আৰম্ভ:সংস্কৃতিক শোভাযাত্ৰাই মুহিলে ঘগ্ৰাপৰীয়াক

Pic

বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্ৰতিবেদন:

বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ উচ্চ শিক্ষানুষ্ঠান বনভাগ মহাবিদ্যালয়ৰ বুধবাৰৰে পৰা ৩২ সংখ্যক যুৱ মহোৎসৱ আৰম্ভ হৈছে। আজি পুৱা ৯ বজাত মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতাই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ পিছতে শ্বহীদ তৰ্পন কৰে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক হিৰক জ্যোতি শৰ্মা আৰু  বন্তি প্ৰজলন কৰে ছাত্ৰ একতা সভাৰ সভাপতি টিকেন বৰ্মনে।পুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে নলবাৰী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই। উদ্বোধনী ভাষণত ৰাতুল চন্দ্ৰ ডেকাই কয় যে বৰ্তমান শিক্ষানুষ্ঠানসমূহত সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰয়োজন যথেষ্ট,কাৰণ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ আমাৰ কৃষ্টি সংস্কৃতিৰ সন্দৰ্ভত প্ৰয়োজনীয় জ্ঞান নাই। আমাৰ সমাজত আমাৰ কৃষ্টি-সংস্কৃতি লোপ পাবলৈ ধৰিছে,গতিকে বিদ্যালয়- মহাবিদ্যালয়সমূহৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া কৃষ্টি-সংস্কৃতি আগবঢ়াই নিব লাগিব।সাংস্কৃতিক শোভাযাত্ৰাত বিয়ানাম,আইনাম, মহ খেদা গীত, বিহু গীত, নাগাৰা নাম, এনচিচি পেৰেড, জিকিৰ, ঢুলীয়া,খেৰাই নৃত্য আদি পৰিৱেশন কৰা হয়।অসমীয়া সাজপাৰ পৰিধান কৰি বিভিন্ন অসমীয়া কৃষ্টি-সাংস্কৃতিক দল লৈ বনভাগ মহাবিদ্যালয়ৰ পৰা ঘগ্ৰাপাৰ চ'ক হৈ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হৈ মহাবিদ্যালয় চৌহদত শোভাযাত্ৰাৰ সামৰণি পৰে। আজিৰ উক্ত শোভাযাত্ৰাই অঞ্চলবাসীক মুগ্ধ কৰে।

Your Comments