জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন:
শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিস্থিত সংস্কৃতিৰ কেন্দ্ৰভূমি তথা নানান গছ-বিৰিখেৰে পৰিপূৰ্ণ এটুকুৰা মনোমোহা সেউজময় অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ ৰঙাচকুৱা অঞ্চল । আম, জাম, কঁঠালৰ লগতে বহু মূল্যৱান গছ ক্ৰমে শাল, চেগুন গছেৰে পৰিপূৰ্ণ ৰঙাচকুৱা ব্যৱসায় কেন্দ্ৰৰ পৰা দক্ষিণ দিশত ১৯৫৯ চনত স্থাপিত হোৱা ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত যোৱা ২৪ আৰু ২৫ নৱেম্বৰত দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে ৪২ সংখ্যক ৰঙাচকুৱা সাৰ্বজনীন ৰাস মহোৎসৱভাগ সম্পন্ন হয় । শৰতৰ বিতোপন নিশা ভিন্ন গছৰ ফাঁকে-ফাঁকে বিৰিঙি অহা ছন্দময় পোহৰে সৃষ্টি কৰা মায়াৱী পৰিৱেশৰ মাজতেই ৰঙাচকুৱা অঞ্চলত অনুষ্ঠিত হয় মহাৰাসভাগ । গছ-বনেৰে পৰিপূৰ্ণ সাইলাখ বৃন্দাবনসদৃশ পৰিৱেশৰ মাজত অনুষ্ঠিত মহাৰাস প্ৰত্যক্ষ কৰিবলৈ দুয়ো দিনেই নিশাৰ ভাগত ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হয় । শ্ৰীকৃষ্ণৰ মুৰুলী বাঁহিত ৰ'ব নোৱাৰি কৃষ্ণৰ লগত এপাক প্ৰাণভৰি নাচিবলৈ নিশাৰ ভাগত ওলাই অহা গোপীসকলৰ প্ৰতীকী দৃশ্য চাবলৈ ভিৰ কৰে হাজাৰ হাজাৰ দৰ্শকে । শ্ৰীকৃষ্ণই প্ৰাণ লোৱা শংখচূড়ৰ প্ৰতীকী দৃশ্যও উপভোগ কৰি ৰাইজ আনন্দিত হয় । দুয়ো দিনৰ কাৰ্যসূচী সফলভাৱে সমাপ্ত হোৱাৰ লগতে ৰাস মহোৎসৱলৈ সহায়-সহযোগিতা আগবঢ়োৱা ব্যক্তিসকলক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছে উদযাপন সমিতিৰ হৈ ৰাজীৱ শৰ্মা আৰু মাধৰাম দাসে।
মহাৰাসভাগত মুখ্য নৃত্যাঙ্গনা তথা ৰাধাৰ চৰিত্ৰৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী সুনীতা কৌশিকৰ দীৰ্ঘায়ু কামনা কৰিছে উদযাপন সমিতিৰ সমুহ সদস্যবৃন্দই । উক্ত মহাৰাসত ৰঙাচকুৱা অঞ্চলৰ সু-কন্যা কংকনা শৰ্মাই শ্ৰীকৃষ্ণৰ শ্ৰেষ্ঠ বঁটা পাবলৈ সক্ষম হয় । বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰিছিল জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক বৰমুদৈয়ে ।
- Log in to post comments
- 10 views