বঙাইগাঁৱৰ প্ৰতিবেদক:
সমগ্ৰ দেশৰ লগতে মঙলবাৰে বঙাইগাঁও জিলাতো ৭০ সংখ্যক ভাৰতীয় সংবিধান দিৱস পালন কৰা হয় ৷ এই উপলক্ষে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত ডাঃ সদনেক সিঙৰ সভাপতিত্বত দিৱস পালনৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে সংবিধানৰ প্ৰস্তাৱনা পাঠটো পঢ়ি দিয়ে আৰু তেওঁৰ লগে লগে জিলা সদৰৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলেও পঢ়ি যায় । ইয়াৰ পিছত উপায়ুক্ত ডাঃ সদনেক সিঙে ড: ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি ডঃ আম্বেদকাৰৰ জীৱন সম্পৰ্কত মতামত দাঙি ধৰে । উল্লেখ্য যে ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ গণ পৰিষদত গৃহীত হোৱাৰ পিছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা দেশৰ সংবিধান কাৰ্যকৰী কৰা হয় । তাৰ পিছৰে পৰা প্ৰতি বছৰৰ ২৬ নৱেম্বৰ দিনটো ভাৰতীয় সংবিধান দিৱস হিচাপে পালন কৰি অহা হৈছে ৷
- Log in to post comments
- 7 views