নিৰ্মাণৰ ১০ বছৰৰ পিছতো কাৰ্য্যক্ষম নহ'ল নাৰপাৰা পানীযোগান আঁচনি:কূম্ভকৰ্ণ নিদ্ৰাত নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

চৰকাৰে প্ৰতিটো পৰিয়ালকে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে৷আনকি ৰাজ্যখনৰ গাওঁ-চহৰ সকলোতে ৰাইজক বিশুদ্ধ পানী যোগানৰ বাবে বহুতো পানীযোগান কেন্দ্ৰ স্থাপন কৰিছে৷কিন্তু দুৰ্ভাগ্যজনক কথা যে এনেকুৱা বহুতো আঁচনি নিৰ্মাণৰ দীৰ্ঘবছৰৰ পিচতো কাৰ্য্যক্ষম নোহোৱাকৈ থকাত সকলো পৰ্য্যায়ৰ নাগৰিকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া হৈছে৷অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নলবাৰী সংমণ্ডলৰ অন্তৰ্গত নলবাৰী বিধানসভা সমষ্টিৰ অধীনষ্ঠ নাৰপাৰা পানীযোগান আঁচনিখন বিগত দহবছৰোধিক কালে কাৰ্য্যক্ষম নোহোৱাত অঞ্চলবাসী ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷উল্লেখ্য যে কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসন কালৰ দ্বিতীয় কাৰ্য্যকালৰ পহিলা বৰ্ষতে আৰম্ভ কৰা উক্ত পানীযোগান কেন্দ্ৰটো কি অজান কাৰনত আজিলৈকে কাৰ্য্যক্ষম কৰি তুলিব পৰা নাই তাকলৈ ৰাইজৰ মাজত সন্দেহ ঘনীভূত হৈছে৷ইতিমধ্যে উক্ত আঁচনিখনৰ পৰা মাত্ৰ কেইগজমান আঁতৰত নলবাৰী মেডিকেল কলেজৰ নিৰ্মাণকাৰ্য্য চলি আছে৷এই সম্পৰ্কে নলবাৰী জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ লগত যোগাযোগ কৰাৰ পিচতো তেওঁলোকে কোনো বিধিগত ব্যৱস্থা গ্ৰহণ কৰা নাই৷আনকি স্থানীয় জনপ্ৰতিনিধিসকলেও নীৰৱতা অৱলম্বন কৰাটো দৃষ্টিকটু হোৱা বুলি একাংশ নাগৰিকে মত পোষণ কৰিছে৷কেইবা লাখ টকাৰ চৰকাৰী ধন খৰচ কৰি নিৰ্মাণ কৰা একোটা অভিলাষী আঁচনি চকুৰ সন্মুখতে জহিখহি যাবলৈ ধৰা কোনো সচেতন নাগৰিকে সহ্য কৰিব নোৱাৰে৷কিন্তু নাচোৰ বান্দা জনস্বাস্থ্য কাৰিকৰী বিভাগ৷তেওঁলোকৰ চকুৰ আগতে একোটা আঁচনি কাৰ্য্যক্ষম নোহোৱাকৈ ধ্বংস হ'বলৈ ধৰা দেখিও কুম্ভকৰ্ণৰ নিদ্ৰাতে আছে বিষয়া-কৰ্মচাৰীসকল৷আঁচনিখনলৈ চাই হা-হুমুনিয়াহ কাঢ়ি দিন নিয়াইছে ৰাইজে৷আনহাতে বিশুদ্ধ পানী সেৱনৰ নামতো যে চৰকাৰে ৰাইজক প্ৰতাৰনা কৰিছে সেইটো তাৰে জলন্ত উদাহৰণ৷নাৰপাৰা বজাৰ চ'কতে নিৰ্মাণ কৰা আৰু ভিন্ন জনগাঁথনিৰে পূৰণ থকা অঞ্চলটোৰ অকামিলা পানীযোগান আঁচনিখন কাৰ্য্যক্ষম কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক বুলিও ৰাইজে অভিহিত কৰিছে৷সেয়েহে অঞ্চলটোৰ প্ৰতিগৰাকীক সচেতন নাগৰিকে পানীযোগান আঁচনিখন শীঘ্ৰে সুচল কৰাৰ বাবে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতে স্থানীয় জনপ্ৰতিনিধিজনক দাবী জনাইছে৷

Your Comments