নগাঁও নাট্য মন্দিৰত 'মহাৰাণী সত্যৱতী' মনস্থ

Pic

নগাঁঁৱৰ পৰা ৱাহিদুদ জামান: মহাভাৰতৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰাণী সত্যৱতীৰ কাহিনী জীৱন্ত ৰূপত প্ৰতিফলিত কৰি অপেছাদাৰী নাট্য শিল্পী কল্যাণ সমিতি(নগাঁও)ৰ প্ৰযোজনাত যোৱা ২৪ নৱেম্বৰৰ নিশা নগাঁও নাট্য মন্দিৰত মঞ্চস্থ হয় জয়ন্ত কুমাৰ বৰাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত নাটক "মহাৰাণী সত্যৱতী"।মহাভাৰতৰ এটি অন্যতম নাৰী চৰিত্ৰ সত্যৱতীৰ জীৱনৰ আধাৰত ৰচিত এই নাটখনি উদ্বোধন কৰে নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । উদ্বোধনী ভাষনত বিধায়ক শৰ্মাই অপেছাদাৰী নাট্য শিল্পী কল্যাণ সমিতি(নগাঁও)ক সকলো দিশতে সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। উদ্বোধনী অনুষ্ঠানত অসমৰ জনপ্ৰিয় শিল্পী কৃষ্ণমণি নাথো উপস্থিত থাকে। "মহাৰাণী সত্যৱতী" জয়ন্ত কুমাৰ বৰাৰ প্ৰথম নাট যদিও নাটখনিৰ সফল মঞ্চায়ণ হৈছে ।নাটক খনত প্ৰতিজন অভিনেতা-অভিনেত্ৰীয়েই সাৱলীল অভিনয়েৰে দৰ্শকৰ হৃদয় চুবলৈ সক্ষম হৈছে।নাটখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকল হ'ল --মনোজ বৰদলৈ,ৰুবুল শইকীয়া, পবিত্ৰ কলিতা,গগন চৌধুৰী,সুৰজ কুমাৰ বৰা,সোনমণি বেজবৰুৱা,মৌচুম বৰা(নিপু), প্ৰশান্ত শৰ্মা, ইন্দ্ৰজিৎ পাঠক,মুকুল প্ৰসাদ বৰঠাকুৰ, নিৰ্মাণ মুক্তিয়াৰ,ছেবা সুলক্ষণা, কবিতা কটকী,লক্ষীপ্ৰভা শইকীয়া,দিব্যা হাজৰিকা,প্ৰীতিশা বৰা আৰু শিশু শিল্পী চিন্ময় শইকীয়া, অৰ্পণ বৰা। সঙ্গীতত আছিল গুণকান্ত দাস, জিতেন বৰাৰ।পোহৰ আৰু শব্দত আছিল গৌতম শইকীয়া। সঙ্গীত আৰু পোহৰেও নাটখনিৰ সফলতাত অন্য এক মাত্ৰা প্ৰদান কৰিছিল।নাট খনি সফল মঞ্চায়নত ৰপসজ্জাকৰ প্ৰকাশ বৰাৰ যথেষ্ট অৱদান আছিল। মঞ্চ সজ্জাত আছিল শোণিত কুমাৰ বৰা,বিনোদ বসুমতাৰী, প্ৰশান্ত শৰ্মা, গগন চৌধুৰী, আৰু চাহিদ খান।নাটখনিৰ পৰিচালনা উপদেষ্টা হিচাপে আছিল পবিত্ৰ প্ৰাণ শৰ্মা আৰু ব্যৱস্থাপনাত আছিল পৱিত্ৰ কলিতা।

Your Comments