মৰিগাঁৱত ৪০ টা কম্পিউটাৰযুক্ত অত্যাধুনিক ই-লেবৰ আধাৰশিলা স্থাপন

Pic

মৰিগাঁৱৰ পৰা জিতুমণি নাথৰ প্রতিবেদন :

মৰিগাঁও জিলাৰ দন্দুৱাস্থিত উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত শুকুৰবাৰে এটা অত্যাধুনিক ই -লেবৰ আধাৰশিলা স্থাপন কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই। অসমৰ দক্ষতা,নিয়োগ আৰু উদ্যমিতা বিভাগৰ পৰা আৱন্টিত ১২ লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া অত্যাধুনিক ই - লেবটোত ৪০ টা কম্পিউটাৰ সংযুক্ত হৈ থাকিব। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে অনলাইন যোগে শিক্ষা গ্ৰহণৰ লগতে জিলাখনৰ সকলো স্তৰৰ নিবনুৱাই নিয়োগৰ বাবে অনলাইনযুক্ত পৰীক্ষাসমূহত অৱতীৰ্ণ হ'ব পাৰিব৷ অত্যাধুনিক ই -লেবৰ আধাৰশিলা স্থাপন কৰি জিলা উপায়ুক্ত ঋতুৰাজ বৰাই কয় যে বৰ্তমান হৈছে প্ৰতিযোগিতাৰ সময়। এই প্ৰতিযোগিতাৰ সময়ৰ লগত সমানে খোজ মিলাই আগবাঢ়িবলৈ হ'লে দক্ষতা থকাটো অতিকৈ গুৰুত্বপূৰ্ণ।সেয়ে ছাত্ৰ-ছাত্ৰীসকলক কৌশল বিকাশৰ জৰিয়তে দক্ষতা আহৰণ কৰি সময়ৰ লগত আগবাঢ়ি যাবলৈ তেওঁ আহ্বান জনায়। উল্লেখ্য যে মৰিগাঁও জিলাৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জৰাজীৰ্ণ ৰূপ প্ৰত্যক্ষ কৰাৰ পিছতেই জিলা উপায়ুক্ত ঋতুৰাজ বৰাই নিজেই পদক্ষেপ গ্ৰহণ কৰি বৰ্তমান এক উন্নত পৰ্যায়ত প্ৰতিষ্ঠানটোক উপনীত কৰাইছে।২০০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে ৬ টা বিষয়ত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা প্ৰতিষ্ঠানখনৰ আধুনিকীকৰনৰ বাবে ২ কোটি টকাৰ আৱন্টন বিচাৰি ইতিমধ্যে উৰ্ধতন কৰ্তৃপক্ষৰ লগত যোগাযোগো অব্যাহত ৰাখিছে উপায়ুক্তগৰাকীয়ে। মৰিগাঁও উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ কৃষ্ণ বনিয়াই আঁত ধৰা উক্ত অনুষ্ঠানটোত মৰিগাঁও গড়কাপ্তানি বিভাগৰ গৃহ সংমণ্ডল কাৰ্যালয়ৰ কাৰ্যবাহী অভিযন্তা প্ৰভাত শইকীয়া,জিলা নিয়োগ বিষয়া প্ৰশান্ত শইকীয়া,মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, আছুৰ  প্ৰাক্তন বিষয়ববীয়া মুন আলী ঠাকুৰীয়াকে আদি কৰি বহুকেইজন ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Your Comments