শিৱসাগৰৰ পৰা কল্যাণ জ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :
নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে তৎপৰতা চলোৱাৰ লগে লগে প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্য।সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়েও শুকুৰবাৰে সন্ধিয়া এই বহু বিতৰ্কিত বিধেয়কৰ বিৰূদ্ধে জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে । শিৱসাগৰ চহৰৰ ব'ৰ্ডিং খেলপথাৰৰ পৰা উলিওৱা এই জোঁৰ সমদলটোত সংগঠনটোৰ নেতা দেৱজিৎ দত্তই ঐতিহাসিক অসম আন্দোলনৰ কথা উল্লেখ কৰি ৮৫৫ জন শ্বহীদৰ আত্মবলিদানক উপলুঙা নকৰিবলৈ সকীয়নি প্ৰদান কৰে।তেওঁ কোনো পধ্যেই অসমক বিদেশীৰ চৰণীয়া পথাৰ হ'বলৈ দিয়া নহ'ব বুলি উল্লেখ কৰে । সংগঠনটোৱে সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় দ্বি-শতাধিক কৰ্মীয়ে অংশ গ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক , বিজেপি চৰকাৰ হায় হায় , নৰেন্দ্ৰ মোডী হুঁচিয়াৰ , সৰ্বানন্দ সোণোৱাল হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী ধ্বনি দিয়ে।এইদৰে চহৰৰ বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰি সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ সদস্যসকলে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি জনসাধাৰণক সজাগ কৰিবলৈ চেষ্টা কৰে । সংগঠনটোৰ বহু মহিলা কৰ্মীয়েও অংশ লোৱা এই কাৰ্যসূচীত অৰূপ বৰুৱা, ৰাজেশ দাস আৰু সুমন গগৈ আদি নেতাসকলেও অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 12 views