'কেব'ৰ বিৰুদ্ধে বৰাক উপত্যকাত অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিবলৈ ৰাইজৰ সহায় বিচাৰিলে যুৱ-ছাত্ৰ পৰিষদে

Pic

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী:

নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ 'কেব'ক বিৰুদ্ধে এতিয়া বৰাক উপত্যকাত‌তো আৰম্ভ হৈছে প্ৰতিবাদী কাৰ্যসূচী।সদৌ অসম ছাত্ৰ সন্থা,কৃষক মুক্তি সংগ্ৰাম সমিতি,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে ধৰ্মীয় সংগঠন জমিয়ত,আহলে চুন্নত,নদয়াই বৰাকত 'কেব'ৰ বিৰোধিতা কৰিছে। ৰাজনৈতিক দল এআইইউডিএফেও বৰাকত 'কেব'ৰ বিৰোধিতা কৰিছে। এইবাৰ কেব বিৰোধিতাৰে বৰাক উপত্যকাত অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিবলৈ ৰাইজৰ সহায় বিচাৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ হাইলাকান্দি জিলা সমিতিয়ে। বৃহস্পতিবাৰে হাইলাকান্দিত সংবাদমেল অনুষ্ঠিত কৰি অতি শীঘ্ৰেই বৰাকত অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিবলৈ বিভিন্ন কেব বিৰোধী দল-সংগঠনৰ লগতে বৰাক উপত্যকাৰ খিলঞ্জীয়া ৰাইজৰ সহায় বিচাৰিলে সংগঠনটোৰ হাইলাকান্দি জিলা সমিতিৰ কৰ্মকৰ্তা কবিৰ উদ্দিন লস্কৰে।হাইলাকান্দি চহৰৰ মাজমজিয়াত জিলা সমিতিৰ নিজস্ব কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত সংবাদ মাধ্যমৰ আগত লস্কৰে ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰাৰ লগতে অসমৰ একাংশ শাসক দলীয় মন্ত্ৰী-বিধায়ককো সকীয়নিৰ বাৰ্তা দি কয়-'ৰাইজ জাগিলে আপোনালোকৰ নিস্তাৰ নহ'ব।আগন্তুক দিনত কেবৰ বিৰুদ্ধে বৰাকত হাজাৰ হাজাৰ নাগৰিক ৰাজপথলৈ ওলাই আহিব।'

Your Comments