নাহৰকটীয়াত নাবালিকাক যৌন নিৰ্যাতন চলোৱা বিবাহিত পুৰুষক গ্ৰেপ্তাৰ

Pic

নামৰূপৰ পৰা সমীৰণ বৰুৱা:

নাহৰকটীয়াত সংঘটিত হয় এটা জঘন্য ঘটনা।বিবাহিত পুৰুষৰ কামনাৰ বলি হয় তৃতীয় শ্ৰেণীত পঢ়ি থকা এগৰাকী নবছৰীয়া ছাত্ৰী।এই ঘটনা ১৬ নৱেম্বৰৰ নিশাৰ যদিও অভিযুক্তৰ পৰিয়ালে প্ৰদান কৰি অহা ভাবুকিৰ ফলতেই ভুক্তভোগীৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিবলৈ সাহস কৰা নাছিল ৷ অৱশেষত বুধবাৰে জিলা মহিলা আৰু শিশু কল্যাণ কোষ আৰু ছাত্ৰীগৰাকীয়ে অধ্যয়ন কৰা বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকল আগবাঢ়ি অহাতহে ভুক্তভোগীৰ পৰিয়ালে নাহৰকটীয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷ ইতিমধ্যে পক্‌চ’ আইনৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷উল্লেখ্য যে নাবালিকা নিৰ্যাতনৰ সৈতে জড়িত অভিযুক্তটোৰ নাম দিপল ৰংচোৱাল ওৰফে বাবাতু।

Your Comments