নাহৰকটীয়া-জয়পুৰত 'কেব' বাতিলৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল

Pic

নামৰূপৰ পৰা সমীৰণ বৰুৱাৰ প্ৰতিবেদন: জয়পুৰ শাখা যুৱ-ছাত্ৰ পৰিষদ আৰু নাহৰকটীয়া আঞ্চলিক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত 'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬' বাতিলৰ দাবীত বুধবাৰে নিশা এটা জোঁঁৰ সমদল উলিওৱা হয়।উক্ত সমদলত নাহৰকটীয়া,জয়পুৰৰ বহুতো দল-সংগঠন,স্থানীয় ৰাইজ অংশগ্ৰহণ কৰে।জোঁঁৰ সমদলটোত বিজেপি চৰকাৰ হায় হায়,বিজেপি চৰকাৰৰ কাম নাই, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ আদি বিভিন্ন শ্ল'গান দি আকাশ-বতাহ কপাই তোলাৰ লগতে 'কেব'ক কেতিয়াও মানি লোৱা নহ'ব বুলি সকীয়াই দিয়ে।

Your Comments