শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী: কংগ্ৰেছ নেতা তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাৰ বাঙালী সমাজক লৈ কৰা বিৰূপ মন্তব্যৰ তীব্ৰ নিন্দা কৰিছে বৰাক উপত্যকাৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন 'বাংগালী ষ্টুডেন্ট এণ্ড য়ুথ ফ'ৰাম'(বিএচৱইএফ)এ।বুধবাৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি আলী হোছেইন মীৰাই হাইলাকান্দি চহৰৰ নিজস্ব কাৰ্যালয়ত সংবাদমেল পাতি নীলমণি সেন ডেকাৰ বিৰুদ্ধে সৰৱ হৈ পৰে।বাঙালীসকল অসমীয়াৰ শত্ৰু বুলি নীলমণি সেন ডেকাই কৰা নিন্দনীয় মন্তব্যৰ বাবে কাৰ্যকালত 'আঢ়ৈটকীয়া' মন্ত্ৰী হিচাপে পৰিচিত ডেকাক প্ৰকাশ্যে ক্ষমা প্ৰাৰ্থনাৰ আহ্বান জনায় আলী হোছেইন মীৰাই।অন্যথা,আগন্তুক দিনত বিভ্ৰান্তি সৃষ্টিকাৰী নীলমণিসেন ডেকাক বৰাক উপত্যকাত প্ৰৱেশত বাধা প্ৰদানৰ সিদ্ধান্ত ল'বলৈ বিএচৱাইএফ বাধ্য হ'ব বুলি জানিবলৈ দিয়ে মীৰাই। সংবাদমেলত মীৰাই ৰাজ্যিক কংগ্ৰেছ নেতৃত্বৰো কঠোৰ সমালোচনা কৰে। তেওঁৰ কয় যে কংগ্ৰেছ এতিয়া অসমত এটা অভিভাৱকহীন দলত পৰিণত হৈছে। যাৰ কাৰণেই, নীলমণিসেন ডেকাৰ দৰে কাৰ্যকালত চৰম ব্যৰ্থতাৰ পৰিচয় দিয়া মানুহবোৰে আজি দুটা জাতিৰ মাজত বিবাদ সৃষ্টি কৰাৰ ঘৃণনীয় ষড়যন্ত্ৰ কৰাৰ সাহস পাইছে।
- Log in to post comments
- 14 views