সোণাৰিৰ পৰা ঘন বৰা:
সোণাৰি বিধানসভা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ পথ ঐতিহাসিক নাহৰ আলি নিৰ্মাণত গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে হেমাহিৰ অভিযোগ উত্থাপন কৰিছে জনসাধাৰণে। সোণাৰি সমষ্টিৰ এই গুৰুত্বপূৰ্ণ পথটো দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ থকাৰ পিছত শেহতীয়াকৈ নিৰ্মাণ আৰম্ভ কৰিছিল গড়কাপ্তানী বিভাগে। কিন্তু পথটো নিৰ্মাণৰ বাবে দায়িত্ব পোৱা ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে এতিয়া পুনৰ বিধ্বস্ত হৈ পৰিছে নাহৰ আলি। নিৰ্মাণৰ তিনি দিনৰ পিছতে বখলা-বখলে নাহৰ আলি বিধ্বস্ত হৈ উঠাত এতিয়া পুনৰ জাঙুৰ খাই উঠিছে জনসাধাৰণ। আনহাতে পথ নিৰ্মাণৰ সময়ত বিভাগীয় অভিযন্তাই গুৰুত্ব নিদিয়াৰ ফলতেই ঠিকাদাৰে এনেদৰে নিম্নমানৰ কাম কৰা বুলি অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে সোণাৰিৰ পৰা ভজো হৈ সাপেখাতীলৈকে এই পথছোৱা দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ থকাত বিভিন্ন দল-সংগঠন তথা জনসাধাৰণে বাৰম্বাৰ প্ৰতিবাদ তথা আন্দোলন কৰি নিৰ্মাণৰ দাবী জনাই আহিছিল। জনসাধাৰণৰ এই দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই গড়কাপ্তানী বিভাগে পথটো নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। কিন্তু গড়কাপ্তানী বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ হেমাহিৰ বাবে পুনৰ বিধ্বস্ত হৈছে ঐতিহাসিক নাহৰ আলি।
- Log in to post comments
- 6 views