বৰভাগৰ প্ৰাক্তন আছু নেতা-শিক্ষাবিদ গণেশ বৈশ্যৰ বিয়োগ 

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত আৰিকুছি গাওঁ নিবাসী প্ৰাক্তন আছু নেতা, অৱসৰী অধ্যাপক তথা সমাজকৰ্মী গণেশ বৈশ্যৰ দেওবাৰে নিশা গুৱাহাটীৰ ডাউন টাউন হাস্পতালত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬১ বছৰ ৷ জালাহৰ  বি বি কিষাণ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সদ্য অৱসৰী মূৰব্বী অধ্যাপক বৈশ্য কিছুদিন ধৰি অসুস্থ হৈ আছিল ৷ তেওঁ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল ৷ তেওঁ পশ্চিম উপৰ বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিস্থাপক সভাপতি আছিল ৷ কো-অপাৰেটিভ আৰবান বেংক, নলবাৰীৰ সঞ্চালক, মৰোৱা আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, মিলন হাইস্কুল, আৰিকুছিৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, আৰিকুছি দুৰ্গাপূজা কমিটীৰ উপদেষ্টা, মৰোৱাৰ শংকৰদেৱৰ জন্মোৎসৱ, সোণালী মইনা পাৰিজাত, মৰোৱা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ , মৰোৱা কলাকেন্দ্ৰ আদি বহু সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল ৷ বৈশ্য এগৰাকী লেখক হিচাপেও পৰিচিত আছিল ৷ "চিন্তা তৰংগ" নামৰ এখন প্ৰৱন্ধ পুথি , বহুকেইখন অপ্ৰকাশিত  নাট লিখাৰ উপৰি কেইবাখনো  দৈনিক  কাকতত  প্ৰৱন্ধ তেওঁ  নিয়মিতৰূপে লিখিছিল ৷ তেওঁৰ মৃত্যুৰ বতৰা পাই অজস্ৰ গুণমুগ্ধই বাসগৃহত ভিৰ কৰে ৷ আজি পুৱা তেওঁৰ নশ্বৰ দেহ আৰিকুছিস্থিত নিজ গৃহৰ পৰা সমদল কৰি মৰোৱা শংকৰদেৱ জন্মোৎসৱ ক্ষেত্ৰলৈ নি সদৌ অসম ছাত্ৰ সন্থাৰ পতাকাৰে পশ্চিম উপৰ বৰভাগ আঞ্চলিক সন্থাই শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে মৰোৱা শংকৰদেৱ নামঘৰ সমিতি, মৰোৱা আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰোৱা কুমুদেশ্বৰী মজলীয় বিদ্যালয়, বৰভাগ প্ৰেছ ক্লাৱ, নলবাৰী জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা, মৰোৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আদি বহু অনুষ্ঠানে শ্ৰদ্ধা নিবেদন কৰে ৷ ইয়াৰ পাছত তেওঁৰ মৃতদেহ মিলন হাইস্কুল, আৰিকুছিলৈ নি শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী,কৰ্মচাৰী গোট, আৰিকুছি দুৰ্গাপূজা সমিতি, আৰিকুছি বণিক সন্থা, পশ্চিম বৰভাগ আঞ্চলিক উন্নতি সভা আদিৰ লগতে অগনন গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনায় ৷ তেওঁৰ  মৃত্যুত বিভিন্ন অনুষ্ঠানৰ লগতে বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক ডাঃ ভূমিধৰ বৰ্মন, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন,  সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ফণীধৰ বৰুৱা,ডাঃ মধুৰাম বৈশ্য,  অধ্যক্ষ বিদ্যানাথ মেধি, অৱসৰী প্ৰধান শিক্ষক চক্ৰপাণি মহন্ত ,শিক্ষক বাপুকন বেজবৰুৱা,  তিলক বৈশ্য, প্ৰশান্ত নাৰায়ন চৌধুৰী, অমল কুমাৰ দাস, শম্ভু ৰাম বেজবৰুৱা, সদানন্দ বৈশ্য , সমাজকৰ্মী নয়নজিৎ বৈশ্য, অমূল্য চক্ৰৱৰ্তী, দিপুল বৈশ্য, মুকুল ডেকা, প্ৰবীণ শিল্পী হেম বৰুৱা, আদিয়ে গভীৰ শোকপ্ৰকাশ কৰিছে ৷ মৃত্যুৰ সময়ত ইহসংসাৰত তেওঁ পাঁচজন ভাতৃ, চাৰিগৰাকী ভাইবোৱাৰী, এগৰাকী বিবাহিত ভগ্নী তথা বহু আত্মীয়ক এৰি থৈ যায়।

Your Comments