ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলত বিজ্ঞানভিত্তিক প্ৰতিযোগিতা সম্পন্ন

Pic

বৰভাগৰ পৰা সঞ্জয় দাস:

অসম বিজ্ঞান-প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা ৰূপায়িত আৰু মানসী এন জিঅ'ৰ দ্বাৰা পৰিচালিত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ নলবাৰী জিলাৰ বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ খণ্ড পৰ্য্যায়ৰ প্ৰতিযোগিতাখন শনিবাৰে ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত হয়।প্ৰতিযোগিতাখন উক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক মনোহৰি কলিতাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কয় যে আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ প্ৰচেষ্টা সচাকৈয়ে শলাগিবলগীয়া।এনেকুৱা প্ৰচেষ্টাক আমি শিক্ষক সমাজে সাফল্যমণ্ডিত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণা যোগাব লাগে।প্ৰতিযোগিতা অনুসৰি বিজ্ঞানভিত্তিক নমুনা প্ৰদৰ্শন,বিজ্ঞানভিত্তিক আকষ্মিক বক্তৃতা প্ৰতিযোগিতা আৰু বিজ্ঞানভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।প্ৰতিযোগিতাখনত মুঠ ১৭ খন বিদ্যালয়ৰ পৰা মুঠ ১৯০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।অনুষ্ঠানটোত নমুনা প্ৰদৰ্শন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শংকৰদেৱ শিশু নিকেতন,ঘগ্ৰাপাৰৰ জ্যোতিৰ্ময় দাস আৰু প্ৰৱাল ডেকাই,দ্বিতীয় স্থান লাভ কৰে বনভাগ খাতা দিহজাৰী হাইস্কুলৰ বিশাল কলিতা আৰু বিশাল বৰ্মণে,তৃতীয় স্থান লাভ কৰে বিশাল দাস আৰু বিশ্বজিত কলিতাই।চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে নিশিৰাম বড়ো,দ্বিতীয় স্থান লাভ কৰে দৰ্শনা শৰ্মা আৰু তৃতীয় স্থান লাভ কৰে জুমন কলিতাই।আকষ্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে জ্যোতিৰ্ময় দাসে,দ্বিতীয় স্থান লাভ কৰে বিশাল কলিতা আৰু টিংকুমণি কলিতাই।বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰ,বঁটা আৰু প্ৰাইজমানিৰে পুৰস্কৃত কৰা হয়।

Pic

আবেলি অনুষ্ঠিত বঁটা বিতৰণী সভাত উপস্থিত থাকি আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ নলবাৰী জিলাৰ সভাপতি তথা নলবাৰী কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° দীনমণি ভাগৱতীয়ে কয় যে সমাজত প্ৰচলিত কুসংস্কাৰ আৰু অন্ধবিশ্বাসবোৰ আঁতৰাব লাগিব বিজ্ঞানৰ জড়িয়তে।তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্যেশ্য কৰি কয়- 'তোমালোক যদি আজি জয়ী হ'ব পৰা নাই,তাৰ বাবে কেতিয়াও আক্ষেপ নকৰিবা,কিয়নো তোমালোকে হাৰি-হাৰিয়ে জয়ী হ'ব লাগিব।'উক্ত প্ৰতিযোগিতাখনৰ আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ,বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ সমন্বয়ক সঞ্জয় দাসে আঁত ধৰি আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে বিশদভাৱে উল্লেখ কৰে।প্ৰতিযোগিতাখনত মানসীৰ সদস্য ফণিনাথ লহকৰো উপস্থিত থাকে।

Your Comments