ঈদ-উজ-জোহা উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা

eid_assam

আজি ইছলামধৰ্মাৱলম্বী লোকৰ পবিত্ৰ উৎসৱ ঈদ উজ জোহা উপলক্ষে সমগ্ৰ অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে । এক বিজ্ঞপ্তিযোগে পৰিষদৰ সাধাৰণ সম্পাদক আজিজুল ৰহমানে কয় যে ঈদ উজ জোহাই ৰাজ্যত সকলো জাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকৰ মাজত থকা সাতামপুৰীয়া ঐক্য, শান্তি, সম্প্ৰীতি অটুট ৰাখক৷ ভাতৃত্ববোধৰ এনাজৰীডাল অধিক টনকিয়াল কৰক৷ লগতে ঈদত কোৰবাণীৰ বাবে উছৰ্গা কৰা জন্তুৰ পেলনীয়াখিনি গাত খান্দি পুতি থোৱাৰ বাবে সকলো ইছলাম ধৰ্মাৱলম্বী লোকক তেওঁ অনুৰোধ জনাইছে। ইয়াৰ পৰা যাতে পৰিবেশ প্ৰদূষিত নহয় তাৰ প্ৰতি সকলোকে সজাগ হ’বলৈ আহ্বান জনাইছে ৰহমানে ।

eid_assam

অসমবাসী ৰাইজলৈ ঈদ-উদ-জোহাৰ শুভেচ্ছা জনাইছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বৰদৰুদ্দিন আজমলে ৷এক বাৰ্তাযোগে সভাপতি তথা সাংসদ আজমলে কয় যে ঈদ-উদ-জোহা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এক পিবত্ৰ উৎসৱ৷ ত্যাগ আৰু মহানতাৰ আত্মনুশীলনৰ বাবে ত্যাগৰ উৎসৱ বুলি জনা যায় ঈদ-উদ-জোহা৷ ত্যাগ আৰু মহানুভৱতাৰ এই উৎসৱে অসমবাসী ৰাইজৰ মাজত শান্তি, সম্প্ৰতি আৰু ভাতৃত্ববোধ জগাই তুলিব বুলি আশা ব্যক্ত কৰি সাংসদ আজমলে সকলোলৈকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে৷

ইফালে, বৰপেটা খাদেমুল ইছলাম সমাজৰ সম্পাদক মীৰ কাছিম আহমেদে সমূহ অসমবাসী ৰাইজলৈ জনাইছে ঈদৰ শুভেচ্ছা। এই উৎসৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰ মাজত শান্তি-সম্প্ৰীতি তথা ভ্ৰাতৃত্ববোধ সুদৃঢ় কৰিব বুলি তেওঁ মত ব্যক্ত কৰে। ঈদৰ কোৰবানীৰ সময়ত যাতে কোনো লোকে কোৰবানীৰ জন্তুৰ ছবি বা ভিডিঅ চচিয়েল মিডিয়াত প্ৰচাৰ নকৰে তাৰ কাৰণে তেওঁ আহ্বান জনায় । কাইলৈ ঈদৰ নামাজত ইমামতি কৰিব বৰপেটা টাউন জামে মছজিদৰ ইমাম মৌলানা ক্বাৰী শ্বাহজামাল কাছিমী চাহাবে। নামাজৰ সময় ৰাতিপুৱা ৮ বাজি ৩০ মিনিটত বুলি ঈদগাহ সম্পাদক আতিকুল হকে প্ৰকাশ কৰিছে ৷
সংখ্যাীলঘু যুৱ ছাত্ৰ ফেডাৰেচন, অসমৰ কেন্দ্ৰীয় সম্পাদক মৃদুল হকেসমুহ অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদ উল আজহাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ।পবিত্ৰ ঈদে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপুৰ বৃহত্তৰ অসমীয়া জাতিৰ মিলনভুমীত ত্যাগৰ উৎসৱটিয়ে কঢ়িয়াই আনক ভাতৃত্ববোধ আৰু মিলনৰ এনাজৰি ।

শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা। বিলাই ইছলাম ধৰ্মালম্বীৰ লোক সকলে পালন কৰিলে পবিত্ৰ ঈদ-উজ্-জোহা। সমগ্ৰ বিশ্বৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ৰৌমাৰী ঈদগাহ ময়দানতো ঈদৰ নামাজৰ বাবে এক বিশেষ আয়োজন দেখিবলৈ পোৱা গৈছে। ইছলাম ধৰ্মালম্বীৰ লোকসকলে বছৰত দুটা ডাঙৰ উৎসৱ পালন কৰে। তাৰে এটা পবিত্ৰ ঈদ-উল্-ফিটৰ আৰু আনটো পবিত্ৰ ঈদ-উজ্-জোহা। জিলহজ্জ্ব মাহত পালন কৰা এই উৎসৱত বিভিন্ন জন্তুক কুৰবানী দিয়া হয়। 

eid_assam

কিয়নো এই মাহতে ইব্ৰাহিমে তেওঁৰ পুত্ৰক আল্লাহৰ ওচৰত উছৰ্গা কৰিছিল। ইব্ৰাহিমৰ এই মহান ত্যাগক স্মৰণ কৰি ইছলাম ধৰ্মালম্বীৰ লোকসকলে পহুধন কুৰবানী দি দুখীয়া-দৰিদ্ৰ জনক বিলাই দিয়ে। আজিৰ এই পৱিত্ৰ ক্ষণত সমগ্ৰ বিশ্বৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ৰৌমাৰী ঈদ গাহ ময়দানতো আনন্দ-উল্লাহ দেখিবলৈ পোৱা গৈছে।

ইফালে সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ পবিত্ৰ ঈদ-উজ-জোহাৰ উপলক্ষে আন্তৰিক শুভেচ্ছা জনাইছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচার্য্যই ।
 

Your Comments