৫ নৱেম্বৰত বঙাইগাঁৱত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ অষ্টম বাৰ্ষিক মৃত্যু দিৱস পালন

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙইগাঁও জিলা শিল্পী সমাজৰ উদ্যোগত আৰু লোৱাৰ আসাম চাউণ্ড এছোচিয়েচনৰ সহযোগত ৫ নৱেম্বৰত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ অষ্টম বাৰ্ষিক মৃত্যু দিৱস দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব। বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত হ'বলগীয়া দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিব বঙাইগাঁও জিলা শিল্পী সমাজৰ সভাপতি দীপক দাসে ৷ ইয়াৰ পিচতে লোৱাৰ আসাম চাউণ্ড এছোচিয়েচনৰ পতাকা উত্তোলন কৰিব সভাপতি সুধাংশু পণ্ডিতে ৷ পুৱা ৯ঃ৩০ বজাত সুধাকন্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰিব বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে ৷ পুৱা ১০ বজাত মঞ্চ উদ্বোধন কৰিব কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ সভাপতি সত্য নাৰায়ণ ৰায়ে আৰু ইয়াৰ পিচতে নাম- প্ৰসংগ অনুষ্ঠিত হ'ব ৷ পুৱা ১১ বজাত ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা ( সদস্য ভিত্তিক) আৰু আবেলি ১ বজাৰ পৰা ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ( ক আৰু খ শাখা)৷ আবেলি ৪ বজাত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত অভয়াপুৰীৰ বিশিষ্ট সংগীত শিল্পী ধৰণী বণিক্যক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব।আনহাতে,সন্ধিয়া বঁটা বিতৰণী আৰু ন- পুৰণি শিল্পীৰ দ্বাৰা ভূপেন হাজৰিকাৰ গীত পৰিৱেশন অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ৷ 

 

Your Comments