কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:
দুদিনীয়া কাজিৰঙা ভ্ৰমণসূচীৰে ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনাইনসহ ৫ জনীয়া এটা দল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেওবাৰে উপস্থিত হয় । ৰাষ্ট্ৰদূতগৰাকীয়ে কয়-আফ্ৰিকাৰ অৰণ্যত কৈ কম নহয় কাজিৰঙাৰ অৰণ্যৰ সৌন্দৰ্য্য। দেওবাৰে পুৱা হাতী চাফাৰীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি দুপৰীয়া আহি উপস্থিত হয় বুঢ়াপাহাৰ বনাঞ্চলৰ নতুন দাংগাৰ এখন কাৰ্বি খাদ্যৰ হোটেলত।প্ৰশাসনৰ হৈ মহকুমাধিপতি বিতোপন নেওগে ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে অহা ৫ জনীয়া দলটোক একোখন গামোচাৰে আদৰণি জনায় । নতুন দাংগাৰ কাৰ্বি এথনিক ফুড চেন্টাৰত ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে ৫ জনীয়া দলটোক কাৰ্বি পৰম্পৰাৰে আদৰণি জনায় নতুন দাংগাবাসীয়ে । দলটিয়ে থলুৱা কাৰ্বি খাদ্যৰ লগতে তিলপিঠা, লস্কৰা,কাঁহৰ বাতিত বৰা চাউল-গুৰৰ জুতি লৈ, বাঁহৰ চুঙাত পানী খাই শলাগ লয় গাওঁবাসীৰ । আনহাতে চৰান এহেমৰ পৰিবেশ সদায় একেই ৰাখিবলৈ আহ্বান জনায় আৰু কয় সেই স্থানত যাতে কেতিয়াও কংক্ৰিটৰ ঘৰ নহয় বা দাঙৰ হোটেল গঢ় লৈ নুঠে । ইয়াৰ পিছতে ৰাঙলুত ইডিচিৰ ধনেৰে স্থাপন কৰা হস্ততাঁত বয়ন কেন্দ্ৰটিও পৰিদৰ্শন কৰে ৰাষ্ট্ৰদূতগৰাকীয়ে
- Log in to post comments
- 20 views