'এখন সুস্থ ভাৰত নিৰ্মাণ কৰাৰ বাবে দেশৰ প্ৰতিখন গাঁঁৱতে নিৰ্মাণ হ'ব লাগিব দেৱালয়, সেৱালয়ৰ সমান্তৰালকৈ একোটা গ্ৰন্থালয়'- ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰি দেশবাসীক উদ্দদেশ্য কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকেয়া নাইডুৱে।গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত শুকুৰবাৰে উদ্বোধনী অনুষ্ঠানত বুটাম টিপি বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে পাঠকৰ বাবে মুকলি কৰে গ্ৰন্থমেলাখন।গ্ৰন্থমেলাখন উদ্বোধন কৰি অসমীয়া ভাষাতে উপস্থিত জনসাধাৰণ আৰু মঞ্চত উপৱিষ্ট বিশিষ্ট ব্যক্তিসকলক সম্ভাষণ জনায় নাইডুৱে।তেওঁ কয়-'২১বছৰত ভৰি দিয়া উত্তৰ-পূব গ্ৰন্থমেলা জ্ঞানৰো এটা আন্দোলন। এই আন্দোলনে উত্তৰ-পূবৰ জনসাধাৰণক বৌদ্ধিক ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিব।'
ইয়াৰ উপৰিও উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়-
'প্ৰত্যেক জাতিয়ে নিজৰ মাতৃভাষাক প্ৰথম প্ৰাধান্য দিয়া উচিত।তাৰ পিছতে সদায় সন্মান কৰিব ৰাষ্ট্ৰভাষাক।'
আনহাতে,উদ্বোধনী কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি পূৰ্বতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে জনোৱা এটা বিশেষ আহ্বানক সন্মান জনাই নিজৰ মাতৃভাষাতে প্ৰদান কৰে ভাষণ।এই সন্দৰ্ভত তেওঁ কয়- 'পূৰ্বতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অসমলৈ আহোঁতে মাতৃভাষাতে নিজৰ ভাষণ প্ৰদান কৰিবলৈ আহ্বান জনাইছিল।উক্ত আহ্বানৰ প্ৰতি সন্মান জনাই মই অসমীয়াতে প্ৰদান কৰিছোঁ ভাষণ।'
'উত্তৰ-পূব গ্ৰন্থমেলা এখন কেৱল মেলা নহয়,জাতিৰ বৌদ্ধিক বিকাশৰ এক আন্দোলন।যি আন্দোলনে বৃদ্ধি কৰিব পঢ়ুৱৈৰ সংখ্যা।তাৰ বাবে সকলোৱে অধ্যাত্মিকভাৱে আগবাঢ়ি যাব লাগিব।কাৰণ জ্ঞানৰ অবিহনে বিশ্বৰ মানৱ সমাজৰ চিন্তাৰ আভাষ নাপাম আৰু আগবাঢ়ি যাব নোৱাৰিম'-এইদৰে কয় মুখ্যমন্ত্ৰী সোণোৱালে।
ইয়াৰ উপৰিও বিভিন্ন জাতি-জনগোষ্ঠীৰ নিজৰ নিজৰ ভাষাত সৃষ্টি হ'ব লাগে নতুন নতুন গ্ৰন্থ।যাৰ পৰা উপকৃত হ'ব প্ৰতিটো জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী আৰু পাঠকসকল।ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয়,শিক্ষক সমাজৰ প্ৰতি গ্ৰন্থমেলাৰ উদ্বোধনী মঞ্চৰ পৰাই আহ্বান জনাই সোণোৱালে কয়-'বিদ্যালয়-মহাবিদ্যালয়সমূহত থকা পুথিভঁৰালসমূহৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক আগ্ৰহী কৰি তুলিব লাগে।লগতে বাহিৰৰ পুথিভঁৰালসমূহৰ দৰে ছাত্ৰ-ছাত্ৰী উপকৃত হোৱাকৈ সন্ধিয়া পুথিভঁৰালসমূহ খুলি ৰখাৰ ব্যৱস্থা কৰিব লাগে।'
ৰাজ্যপাল জগদীশ মুখী, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, প্ৰাক্তন সাংসদ ৰমেন ডেকা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰা, নেচনেল বুক ট্ৰাষ্টৰ সঞ্চালক নীৰা জৈন,সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা অনুষ্ঠানত উপস্থিত থাকে।উক্ত অনুষ্ঠানতে সাদিন- প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক উপ-ৰাষ্ট্ৰপতি এম ভেংকেয়া নাইডুৱে অসম সাহিত্য সভাই আগবঢ়োৱা বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰুৱা বঁটা প্ৰদান কৰে।
আনহাতে,গ্ৰন্থমেলাখন উদঘাটন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আন্ত:ৰাষ্ট্ৰীয় প্ৰকাশক গোষ্ঠী 'পেংগুইন ৰেণ্ডম হাউচ ইণ্ডিয়া' বিপনীখন দর্শন কৰে।
- Log in to post comments
- 17 views