নিউজ ডেস্ক :
"নিপকোৱে উত্তৰ-পূৰ্বাঞ্চলত বৃহৎ নদীবান্ধ নিৰ্মান কৰা নীতি, ৰঙানদীৰ পানী এৰি দিয়া নীতি,কপিলী জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হোৱা অসাৱধানতাৰ নীতি, নিবনুৱা যুৱক-যুৱতীক বঞ্চিত কৰা নীতিক যেনেদৰে সমৰ্থন নকৰে নেছৱে তেনেদৰে কিন্তু ইয়াক বিক্ৰী বা অন্যৰ সৈতে চামিল কৰিব বিচৰা নীতিকো সমৰ্থন নকৰে -এই কথা বৃহস্পতিবাৰে ঘোষণা কৰে ছাত্ৰ সংগঠনটোৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
ঐতিহাসিক অসম চুক্তিৰ আধাৰত স্থাপন হোৱা নুমলীগড় তেল শোধনাগাৰটো কেন্দ্ৰীয় মোডী চৰকাৰে ব্যক্তিগত খণ্ডক বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তৰ বৃহস্পতি বাৰে তীব্ৰ বিৰোধিতা কৰে নেছ'য়ে।এই সন্দৰ্ভত সংগঠনটোৰ উপদেষ্টা ডঃ ভট্টাচাৰ্য্যই কয় "লাভজনক তেল শোধনাগাৰতো কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিচাপেই চলাই ৰাখিব লাগিব।বছৰি তিনি হাজাৰ কোটি টকা লাভ দি অহা শোধানাগাৰটোৱে বছৰি ১৩হাজাৰ কোটি টকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কৰ দি আছে।গতিকে এনেধৰণৰ লাভজনক নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণ কৰাটো কোনো কাৰণত মানি নলওঁ, নামানো,ইয়াৰ বিৰোধিতা কৰিছোঁ,আন্দোলন হ'ব"।
- Log in to post comments
- 5 views