ৰাজ্যৰ ইতিহাসৰ ক'লা অধ্যায় হিচাপে পৰিচিত ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ১১টা বছৰ সম্পূৰ্ণ হ'ল।প্ৰত্যেক বছৰৰ দৰে বুধবাৰে ৰাজ্য চৰকাৰে ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰোৱা সকলৰ প্ৰতি শ্রদ্ধা আৰু আহতৰসকলৰ প্ৰতি সহমৰ্মিতা প্রদর্শন কৰি কেন্দ্ৰীয়ভাৱে আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।গুৱাহাটীৰ গণেশগুৰিৰ বিস্ফোৰণস্থলীত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ বিজয়া চক্ৰৱৰ্তী, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা আৰু বিস্ফোৰণত নিহত আৰু আহতসকলৰ বহুসংখ্যক আত্মীয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় 'বৰাক -ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম সকলোতে শান্তি ৰক্ষা কৰি সমন্বয় অটুট ৰখাৰ বাবে সন্ত্ৰাসবাদক নিৰ্মূল কৰিবলৈ ঐক্যবদ্ধ সংগ্রাম গঢ়ি তুলিব লাগে।'
ইফালে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি বহুসংখ্যক আত্মীয়ই আপোনজনক হেৰোৱাৰ বেদনাত আজিও শোকত ভাগি পৰে।
উল্লেখযোগ্য যে ২০০৮ চনৰ আজিৰ দিনটোতে এনডিএফবিৰ ৰঞ্জন দৈমাৰীৰ নেতৃত্বত গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটাৰোডত কাপুৰুষৰ দৰে ১৫ মিনিটৰ ভিতৰত ধাৰাবাহিকভাৱে সংঘটিত কৰিছিল ৯ টাকৈ শক্তিশালী বোমাৰ বিস্ফোৰণ। নিৰীহৰ কেচা তেজেৰে হঠাৎ ৰাঙলী হৈ পৰিছিল ৰাজ্যৰ ৰাজপথ।এনডিএফবি গোটৰ সেই ধাৰাবাহিক বোমা বিস্ফোৰণে প্ৰাণ কাঢ়িছিল ৮৮ জন নিৰীহৰ। ৫০০ জনৰো অধিক ব্যক্তি ঘূনীয়া হৈছিল।
আনহাতে চলিত বর্ষৰ যোৱা জানুৱাৰী মাহত উক্ত বোমা বিস্ফোৰণত জড়িত ৰঞ্জন দৈমাৰীসহ মুঠ ১৫ জনক চিবিআইৰ বিশেষ আদলতে দোষী সাব্যস্ত কৰে।সেই অনুসৰি ৰঞ্জন দৈমাৰীসহ মুঠ ১০ জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰে আৰু ৪ জনক জৰিমনাসহ পাঁচৰ পৰা সাত বছৰ কাৰাদণ্ডৰ আদেশ প্ৰদান কৰি নিহত আৰু আহতসকলৰ পৰিয়ালক ন্যায় প্ৰদান কৰে।
- Log in to post comments
- 10 views