"অন্য কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ সৈতে 'নিপকো'ক চামিল কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ ক্ষতি হ'ব"

Pic

"উত্তৰ-পূব বিদ্যুৎ শক্তি নিগম,চমুকৈ 'নিপকো'ক ভাৰত চৰকাৰে অন্য কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ সৈতে চামিল কৰিবলৈ বিচৰা সিদ্ধান্ত উত্তৰ-পূৰ্বাঞ্চলৰ ভালৰ বাবে নহয়। কাৰণ কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ সৈতে 'নিপকো'কো চামিল কৰিলে,উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বৃহৎ ক্ষতিস্বৰূপ হ'ব।কিয়নো-বৰ্তমান সময়ত নিপকোৱে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি যি সামাজিক দায়বদ্ধতা ৰক্ষা কৰি পৰিচালিত হৈছে,সেই বৈশিষ্ট্য  কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ সৈতে চামিল হ'লে বৰ্তি নাথাকিব"-এই মন্তব্য নিপকোৰ চাৰিটা শ্ৰমিক-কৰ্মচাৰী সন্থাৰ।মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত নিপকোৰ চাৰিটাকৈ শ্ৰমিক-কৰ্মচাৰী সন্থা ক্ৰমে নিপকো ৱকাৰ্ছ ইউনিয়ন,নিপকো এমপ্লইজ ইউনিয়ন, নিপকো লেবাৰ ইউনিয়ন আৰু ফেডাৰেচন নিপকো এমপ্ল'ইজ ইউনিয়নে যৌথভাৱে এক সংবাদমেলৰ আয়োজন কৰে।উক্ত সংবাদমেলতে নিপকো ৱকাৰ্ছ ইউনিয়নৰ সাধাৰণ সম্পাদক প্ৰদীপ ভট্টাচাৰ্যই কয়-কপিলী জলবিদ্যুৎ প্ৰকল্পত ১৯৮৪ চনত আৰম্ভ হোৱা নিপকোৱে কোনো দিনে লোকচানৰ সন্মুখীন হোৱা নাই।আনহে নালাগে,ভাৰত চৰকাৰৰ ১০০ শতাংশ অংশীদাৰ থকা নিপকোৱে ২০১৭-১৮ বিত্তীয় বর্ষত ৯২ কোটি আৰু ২০১৮-১৯ বিত্তীয় বর্ষত কেন্দ্রীয় চৰকাৰক ১১৫কোটি টকা লভ্যাংশ যোগান ধৰি আহিছে।তাৰ পিছতো কেন্দ্ৰৰ মোডী চৰকাৰৰ কেবিনেটে নিপকোক কেন্দ্ৰীয় প্ৰতিষ্ঠান এনএইচপিচি অথবা এনটিপিচিৰ সৈতে চামিল কৰিব বিচৰাত আমি দুখিত আৰু মৰ্মাহত।কেন্দ্ৰীয় চৰকাৰক এনে সিদ্ধান্ত বাতিল কৰাৰ বাবে পুনৰবাৰ বিচাৰ কৰিবলৈ তেওঁ আহ্বান জনায়।উল্লেখ্য যে ভট্টাচাৰ্যই জানিবলৈ দিয়া অনুসৰি কেন্দ্ৰ নিপকোত বৰ্তমান সময়ত প্ৰায় ২৩০০ বিষয়া-কৰ্মচাৰী আছে।তাৰে ৯০ শতাংশ কৰ্মচাৰী উত্তৰ-পূৰ্বাঞ্চলৰ। সেই হিচাপে নিপকো যদি অন্য প্ৰতিষ্ঠানৰ সৈতে চামিল হয় তেতিয়া নিপকোত কাম কৰা বাবে ৯০ শতাংশ উত্তৰ-পূবৰ কৰ্মচাৰী নাথাকিব।

সংবাদমেলখনত ট্ৰেড ইউনিয়নসমূহৰ নেতৃবৃন্দই প্ৰকাশ কৰা অনুসৰি  ২০০৩ চনটো নিপকোক অন্য প্ৰতিষ্ঠান অথবা ব্যক্তিগত খণ্ডত বিক্ৰী কৰা বাবে যো-যা চলাইছিল।সেই একে সিদ্ধান্ত পুনৰ ১৬ বছৰৰ পিছত গ্ৰহণ কৰিছে বিজেপি চৰকাৰখনে।সেই সময়ত যেনেদৰে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰূদ্ধে নিপকোৰ কৰ্মচাৰী আৰু উত্তৰ-পূবৰ ৰাজ্য চৰকাৰসমূহে প্ৰচেষ্টা লৈছিল সেই প্ৰচেষ্টা পুনৰ লোৱাৰ সময় অহা বুলি উল্লেখ কৰে সাধাৰণ সম্পাদক ভট্টাচাৰ্যই।তাৰ বাবে তেওঁলোকে উত্তৰ-পূবৰ সাংসদ আৰু ৰাজ্য চৰকাৰসমূহক ভাৰত চৰকাৰৰ সিদ্ধান্তক বিৰোধিতা কৰা বাবে আহ্বান জনাই সাক্ষাৎ কৰিব।

ইফালে সংবাদমেলত  নিপকো এমপ্লইজ ইউনিয়নৰ সাধাৰণ সম্পাদক পিনাকী দাসে জানিবলৈ দিয়া অনুসৰি ২০১৮-১৯ বিত্তবর্ষত ৬১০৩.৮২ মিলিয়ন ইউনিট আৰু চলিত বর্ষ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে ৩৮১৫.৭১মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন কৰিছে নিপকোৱে।যি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্যুতৰ মূলভাগ যোগান ধৰিছে।তাৰ পিছতো ভাৰত চৰকাৰে এনে এটা লাভজনক প্ৰতিষ্ঠানক অন্য প্ৰতিষ্ঠানৰ সৈতে চামিলকৰণ কৰিবলৈ বিচৰাটো উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক চূড়ান্ত অন্যায়। তেওঁ লগতে কয় যে নিপকোক কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডত বিক্ৰী কৰি বা অন্য প্ৰতিষ্ঠানৰ সৈতে চামিল কৰিলে উত্তৰ-পূ্বৰ জনসাধাৰণ সমস্যা কেতিয়াও সমাধান হ'ব নোৱাৰে।বৰঞ্চ এই সিদ্ধান্তই সমস্যা বৃদ্ধিহে কৰিব।

Your Comments