বানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ বিস্তীৰ্ণ এলেকা:মঙলবাৰেও অপৰিৱৰ্তিত বান পৰিস্থিতি

Pic

মঙলবাৰেও অপৰিৱৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি।কাতিমহীয়া প্ৰলয়ংকৰী বানত নগাঁও,কাৰ্বি আংলং, গোলাঘাট,যোৰহাট জিলাত মঙলবাৰেও জলমগ্ন হৈ আছে বহু অঞ্চল।ডিমা হাছাও জিলাত ডাৱৰ বিস্ফোৰণ হোৱাৰ পিছত কপিলী নৈৰ বলীয়া বানে নগাঁও জিলাৰ কামপুৰ,হোজাই আদি অঞ্চলত বহু গাঁৱৰ লোকৰ বাসগৃহ,খেতি পথাৰ আদি বুৰাই পেলাইছে।আনহাতে,ধনশিৰি নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বহু এলেকা।ইফালে, ভোগদৈ নৈৰ বানে প্লাবিত কৰিছে যোৰহাট জিলাৰ বহু এলেকা।বানত বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা উক্ত জিলাকেইখনৰ বহু লোকে এতিয়া আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে।

Your Comments