
নিউজ ডেস্ক :সাত বছৰ বয়সত ধর্ষিতা এগৰাকী নাৰী, সোতৰ বছৰ বয়সত বিয়া আৰু ত্ৰিশ বছৰ বয়সত সমাজত 'বদনামী মহিলা' বুলি পৰিচিতি লাভ কৰা এগৰাকী মহিলাৰ নিজৰ লগত ঘটা কিছু বাস্তৱ ঘটনাক লিপিবদ্ধ কৰি লেখিকা গীত কামৰূপাই যোৱা ১৪ আগষ্টত প্ৰকাশ কৰিছিল 'আবু, আদালত আৰু তই' নামৰ এখন গ্ৰন্থ। প্ৰকাশৰ লগে লগেই গ্রন্থখনে ব্যাপক চৰ্চা লাভ কৰিছিল।গ্ৰন্থখনত লেখিকা গীত কামৰূপাই তেওঁৰ বাস্তৱ জীৱনত কেতিয়া ক'ত কেনেদৰে শাৰীৰিক, মানসিক নিৰ্যাতনৰ সন্মুখীন হ'ব লগা হৈছিল তাক কিতাপখনৰ ১৬০পৃষ্ঠাত লিপিবদ্ধ কৰিছিল।ষলেখিকাগৰাকীয়ে গ্ৰন্থখনত যুগান্ত জগত শৰ্মা বুলি এটা বিশেষ চৰিত্ৰৰ কথা উপস্থাপন কৰিছিল। যাৰ দ্বাৰা লেখিকা গীত কামৰূপাই বহু সময়ত তেওঁ শাৰীৰিকভাৱে নহ'লেও মানসিকভাৱে যৌন নিৰ্যাতনৰ বলি হোৱা বুলিও ব্যক্ত কৰিছিল।ইয়াৰ উপৰিও যুগান্ত জগত শৰ্মাৰ সৈতে তেওঁৰ ঘটি যোৱা বহু সৰু-বৰ ঘটনাৰ কথাও তেওঁ গ্ৰন্থখনত উল্লেখ কৰিছিল। ইমানৰ পিছত স্বাভাৱিকতেই গ্ৰন্থখন পঢ়ি পাঠক অনুসন্ধিৎসু হৈ পৰিছিল যে লেখিকাই উল্লেখ কৰা যুগান্ত জগত শৰ্মা আচলতে কোন, কি পৰিস্থিতিতনো লেখিকা নিৰ্যাতিত হ'ব লগা হৈছিল, আদি নানা প্ৰশ্ন।পাঠকৰ মনত খুদুৱনি তোলা সেই বিশেষ প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ বাবে গ্ৰন্থখনৰ লেখিকাগৰাকীয়ে দেওবাৰ গুৱাহাটী প্ৰেছ ক্লাবত 'আবেলিৰ আড্ডা' নামেৰে এক অনুষ্ঠানৰ মাধ্যমেৰে সাংবাদিকৰ মুখা-মুখী হয়।লেখিকাই জীৱনৰ বহু ঘাট-প্ৰতিঘাটৰ কথা,উত্থান পতনৰ প্ৰসংগ আদি সকলো এফালৰ পৰা সাৱলীলভাবে ব্যক্ত কৰি যায়।কিতাপখনৰ এটা কেন্দ্ৰীয় চৰিত্ৰ যুগন্ত জগত শৰ্মাৰ লগত লেখিকাৰ সম্পৰ্কৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰে। তাৰ মাজতেই লেখিকাক অনুষ্ঠানটোত উপস্থিত সাংবাদিকৰ প্ৰশ্ন কি পৰিস্থিতিত লেখিকাই নিৰ্যাতিতা হোৱাৰ কথাসমূহ ৰাজহুৱা কৰাত ইমান সময়ৰ প্ৰয়োজন হ'ল? তেতিয়া তেওঁ কয় যে এটা ৰক্ষণশীল ব্ৰাহ্মণ পৰিয়ালত জন্ম হোৱাৰ বাবে 'আবু'ৰ বাধাত সেই সময়ত প্ৰকাশ কৰিব পৰা নাছিল।লগতে তেওঁ কয় যে এইখন এখন কেৱল কিতাপ নহয়, এটা চিন্তা।যি চিন্তাৰে সমাজত এটা আন্দোলনৰ আৰম্ভণি কৰিবলৈ বিচৰা হৈছে।যাৰ দ্বাৰা সমাজৰ নিৰ্যাতিতা প্ৰতিগৰাকী নাৰীয়ে সাহসেৰে ওলাই আহিব পাৰে।
আনহাতে,গ্ৰন্থখনত প্ৰকাশিত যুগান্ত জগত শৰ্মাৰ চৰিত্ৰটো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰে নেকি বুলি লেখিকাক প্ৰশ্ন কৰাত তেওঁ পোনপটীয়াকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হয় বা নহয়,মুকলিকৈ মত ব্যক্ত নকৰে যদিও তেওঁ তাৎপৰ্যপূৰ্ণভাবে উল্লেখ কৰে যে পাঠক সমাজে গ্ৰন্থখনত সন্নিৱিষ্ট চৰিত্ৰটোত যদি মন্ত্রীগৰাকীক বিচাৰি পাইছে,তেতিয়া সেইটো তেওঁলোকৰ কথা। কিন্তু লেখিকাগৰাকীয়ে অহা জানুৱাৰীৰ মাহত প্ৰকাশ পাব লগা 'আবু, আদালত আৰু তই' নামৰ গ্ৰন্থখনৰ দ্বিতীয় খণ্ডত যুগান্ত জগত শৰ্মা প্ৰকৃততে কোন,সেয়া মুকলিকৈ প্ৰকাশ কৰিব বুলিও তেওঁ উল্লেখ কৰে। গ্রন্থখনৰ প্ৰথম খণ্ডত কেৱল যুগান্ত জগত শৰ্মাই স্থান পাইছে যদিও নতুনকৈ আহিব লগা খণ্ডটোত বহুকেইজন সাংবাদিক, শিক্ষক,ৰাজনৈতিক নেতা, অধিবক্তা, পুলিচ আদিৰ আচল পৰিচয় ৰাজহুৱা কৰিব বুলিও তেওঁ দেওবাৰৰ অনুষ্ঠানটোতে ঘোষণা কৰে।
- Log in to post comments
- 261 views