ৰাজ্যিক মৰ্যাদাৰে শনিবাৰে পঞ্চভূতত বিলীন হ'ল অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান খগেন শৰ্মা।একমাত্ৰ পুত্ৰ ত্ৰিনয়ন শৰ্মাই মহানগৰীৰ নৱগ্ৰহ শ্মশানত প্ৰয়াত পিতৃক মুখাগ্নি কৰি শেষকৃত্য সম্পন্ন কৰে।
তাৰ পূৰ্বে প্ৰাক্তন সঞ্চালক প্ৰধানগৰাকীৰ নশ্বৰ দেহ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যলয়লৈ নিয়া হয়।তাতে প্ৰাক্তন সঞ্চালক প্ৰধানগৰাকীক শেষ বিদায় জনায় অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বৰ্তমানৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।
তাৰ পিছতে পুষ্পসজ্জিত বাহনত শৰ্মাৰ নশ্বৰ দেহ লৈ অনা হয় নৱগ্ৰহ শ্মশানলৈ।তাতে মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰ, অতিৰিক্ত আৰক্ষী সঞ্চালক হৰমিত সিং, আৰক্ষী বিষয়া ভাস্কৰজ্যোতি মহন্ত,হীৰেন নাথ প্ৰমুখ্যে প্ৰায়সকল আৰক্ষী বিষয়া উপস্থিত আছিল।ইয়াৰ উপৰিও প্ৰাক্তন আৰক্ষী বিষয়া টি পি সিং উপস্থিত আছিল।
আনহাতে,আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ শেষ বিদায়ৰ মুহূৰ্তত নৱগ্ৰহ শ্মশানত কেৱল বিজেপি নেতা ৰমেন ডেকাৰ বাহিৰে কোনো ৰাজনৈতিক দলৰ নেতাক লক্ষণীয়ভাৱে উপস্থিত থকা দেখিবলৈ পোৱা নগ'ল।
উল্লেখ্য যে যোৱা যকৃতৰ কৰ্কট ৰোগত আক্রান্ত শৰ্মা ১৩ অক্টোবৰৰ পৰা মহানগৰীৰ চানচিটী হাস্পতালত চিকিৎসাধীন হৈ আছিল।খগেন শৰ্মাই শুকুৰবাৰে সন্ধিয়া ৭.১৫ বজাত শেষনিশ্বাস ত্যাগ কৰিছিল। ১৯৮২ চনত আইপিএছ বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰি ২০১৪ চনত তেওঁঁ অসম আৰক্ষীৰ নেতৃত্ব বহন কৰিছিল।তাৰ পিছতে ২০১৫ চনৰ ৩০ নৱেম্বৰত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।
মৃত্যুৰ সময়ত শৰ্মাই পত্নী আৰু পুত্ৰক ইহসংসাৰত এৰি থৈ যায়।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ।
- Log in to post comments
- 15 views