
পৰ্যটকৰ বাবে মুকলি কৰা হ'ল এশিঙীয়া গঁড়,হাতী,ঢেঁকীয়াপতিয়া বাঘ,পিগমী গাহৰিৰ বাবে বিখ্যাত ওৰাং ৰাষ্ট্ৰীয় উদ্যান।শনিবাৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰে।উদ্যান মুকলি অনুষ্ঠানত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস আৰু শীৰ্ষ বন বিষয়াসকল উপস্থিত আছিল।উল্লেখ্য যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা ৭৮.৮১ বৰ্গ কি:মি:।১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ওৰাঙে স্বীকৃতি লাভ কৰিছিল।
- Log in to post comments
- 7 views