নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে ধাৰাবাহিক আন্দোলনৰ ঘোষণা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।অসমৰ খিলঞ্জীয়া জনতা বিৰোধী,অসম চুক্তি বিৰোধী,বাংলাদেশীৰ ৰক্ষক 'কেব'ক কেতিয়াও মানি লোৱা নহ'ব বুলি ঘোষণা কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।অহা ৪ নৱেম্বৰৰ পৰা ছাত্ৰ সন্থাই কেব বিৰোধী আন্দোলন আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে ডঃ ভট্টাচাৰ্যই।৪ নৱেম্বৰত অসমৰ জিলা সদৰসমূহত ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব।পৰৱৰ্তী পৰ্যায়ত অসমৰ গাঁও আৰু নগৰসমূহত ৰাইজ সভাৰ আয়োজন কৰি কেবৰ বিৰোধিতা কৰা হ'ব বুলি উল্লেখ কৰিছে ডঃভট্টাচাৰ্যই।
- Log in to post comments
- 59 views