নিউজ ডেস্ক:
শুকুৰবাৰে ঘোষণা কৰা হয় অসম বিধানসভাৰ অধিৱেশনৰ দিন।সেই অনুসৰি ২৮ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন।ইয়াৰ বাবে শুকুৰবাৰে ৰাজ্যপাল জগদীশ মুখীয়ে জাৰি কৰিলে অধিসূচনা।
ইফালে,চাৰিটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত জয়ী হোৱা চাৰিগৰাকী বিধায়কে
৪ নৱেম্বৰত শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।সেই অনুসৰি সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ,ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰ,ৰঙাপৰাৰ ৰাজেন বৰঠাকুৰ আৰু জনিয়াৰ ৰফিকুল ইছলামে শপত গ্ৰহণ কৰিব।
- Log in to post comments
- 3 views