থাইলেণ্ডৰ ৰজাৰ ৰাজকীয় আৰু সন্মানীয় 'ৰয়েল কঠিন চীৱৰ দানোৎসৱ' শুকুৰবাৰে চলাপথাৰ বৌদ্ধ বিহাৰত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।অসম তথা পৃথিৱীৰ বিভিন্ন দেশৰ বৌদ্ধ ধৰ্মীয় তথা অন্যান্য ধৰ্মাৱলম্বী নাগৰিকৰ বাবেও অন্যতম আকৰ্ষণৰ কেন্দ্র চলাপথাৰ শ্যাম গাঁৱৰ বৌদ্ধ বিহাৰত এই দান উৎসৱ অনুষ্ঠিত কৰা হয়।থাইলেণ্ডৰ ৰজাৰ প্ৰতিনিধি,থাই চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী,থাই এম্বেচীৰ বিষয়াবৰ্গৰ লগতে ভাৰত তথা অসম চৰকাৰৰ কেইবাগৰাকীও প্ৰতিনিধিৰ উপস্থিতিত এই গাম্ভীর্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।আজি পুৱা চলাপথাৰ বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ ড: ভান্তে শাসনবংস মহাথেৰে বৌদ্ধ ধৰ্মীয় পতাকা উত্তোলন কৰাৰ পিছতে থাইলেণ্ড ৰজাৰ প্ৰতিনিধি,থাই এম্বেছীৰ প্ৰতিনিধিবৰ্গক পৰম্পৰাগতভাৱে আদৰণি জনোৱা হয়। ইয়াৰ পিছতে ৰয়েল কঠিন চীৱৰ দান কৰা হয়।
- Log in to post comments
- 5 views